Local, Vocal, Global

ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ দিশে এখন শিক্ষানুষ্ঠান

নিউজ ডেস্ক: মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ দিশে চতিয়াৰ এখন শিক্ষানুষ্ঠান৷ বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত চতিয়াৰ দক্ষিণাঞ্চলৰ ভোজমাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন দিশে৷ বিদ্যালয়খনৰ চৌদিশে খহাই নিয়াৰ ফলত নদীৰ বুকুত জাহ যোৱাটো খাতাং হৈ পৰিছে৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ জলৰাশি ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ বিদ্যালয়খনৰ ৰান্ধনীঘৰৰ এটা অংশ খহনীয়াত জাহ গৈছে৷ কেইটামান ঘণ্টাৰ পাছতে বিদ্যালয় গৃহ খহনীয়াৰ কৱলত পৰাটো এক প্ৰকাৰ নিশ্চিত৷ ইতিমধ্যে বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে বিদ্যালয়ৰ গৃহৰ টিনপাতকে ধৰি আচবাব সুৰক্ষিত স্থানলৈ নি থকা দেখা গৈছে৷ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি থকা স্কুল খন গৰাখহনীয়াৰ কৱলত পৰা বিদ্যালয়খনক লৈ স্থানীয় ৰাইজ চিন্তিত৷