Local, Vocal, Global

সঘন আহ-যাহ, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ

নিউজ ডেস্ক: ৰাজ্যত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে৷ মাচুল বৃদ্ধি নহয় এইবাৰ বিদ্যুতৰ সঘন আহ-যাহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷
কঠিয়াতলী বিদ্যুৎ সংমণ্ডলৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। কঠিয়াতলীৰ মিকিৰ গাঁৱৰ ৰাইজে অতিষ্ঠ হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷
অনিয়মীয়া বিদ্যুৎ যোগানৰ লগতে মিকিৰ গাঁৱত সাত মাহ ধৰি বিদ্যুৎ যোগান নধৰাত কঠিয়াতলী বিদ্যুৎ সংমণ্ডলত প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজে শীগ্ৰে বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী জনায়।