Local, Vocal, Global

ভাল খবৰ, স্বৰ্ণ পদক আজুৰি আনিলে বক্সাৰ অংকুশিতাই

নিউজ ডেস্ক: অসম কন্যাই কঢ়িয়াই আনিছে ভাল খবৰ৷ ৰাজ্যখনৰ দুৰ্দান্ত মহিলা বক্সাৰ অংকুশিতা ফাইনেলত সুন্দৰ প্ৰদৰ্শন কৰি স্বৰ্ণ লাভ কৰিছে৷ ৰাষ্ট্ৰীয় ক্ৰীড়াত মণিপুৰৰ এলেনা থাওনাওজামক হৰুৱাই স্বৰ্ণ পদক অৰ্জন কৰে অংকুশিতাই৷ গুজৰাটৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণজয় অংকুশিতা বড়োৰ৷ এনে সফলতাত ৰাজ্যবাসীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে অংকুশিতাক৷