নিগনি কেনেকৈ খেদিব? নিগনিয়ে পিঁয়াজ-জলকীয়া খাইনে!
আপোনাৰ ঘৰৰ কোণত নিগনিয়ে বাহ লৈছে নেকি? ঘৰৰ কোণত নেজ দাঙি নিগনিয়ে দৌৰা-দৌৰি কৰিছে নেকি? তেন্তে নিধন নকৰাকৈ নিগনি খেদক ঘৰুৱা দিহাৰে৷ এনে বতৰত এঠাইৰ পৰা আন ঠাইলৈ জঁপিয়াই থকা নিগনিৰ উৎপাত দুগুণ বৃদ্ধি হয়৷ নিশা চাৰিগুণ হয় উৎপাত বৃদ্ধি হয়৷ কিছু ঘৰুৱা প্ৰতিকাৰ আৰু পৰামৰ্শ দিয়া হৈছে যাৰ সহায়ত আপুনি এই নিগনিক হত্যা নকৰাকৈ ঘৰৰ পৰা আঁতৰাব পাৰিব।
পিঁয়াজৰ গোন্ধ
পিয়াজৰ পৰা ওলোৱা গোন্ধ বিষাক্ত৷ যাৰ পৰা নিগনি পলাই যায়। আপুনি পিঁয়াজৰ ৰস বা পিঁয়াজ কাটি নিগনিৰ ঘাটিবোৰ বা ঘৰৰ কোণত ৰাখিব পাৰে৷ আপোনাৰ ঘৰৰ নিগনি পিঁয়াজৰ বাবে আঁতৰি যাব৷ কিয়নো নিগনিৰ বাবে পিঁয়াজ বিপদজনক।
ৰঙা জলকীয়া গুৰি
ৰঙা জলকীয়া গুৰিৰেও নিগনি খেদিব পাৰিব৷ নিগনিবোৰক ঘৰৰ পৰা আঁতৰাবলৈ ৰঙা জলকীয়া গুৰি ব্যৱহাৰ কৰিব পাৰে। ঘৰৰ দুৱাৰৰ ওচৰত আৰু পাকঘৰৰ কাউণ্টাৰ আৰু মাটিত ৰঙা জলকীয়া গুৰি ছটিয়াই দিয়ক। এই ঠাইবোৰত নিগনি আটাইতকৈ বেছি দৃশ্যমান হয়৷
নহৰুৰ পানী
এগিলাচ পানীত নহৰু ঘঁহি মিহলি কৰক আৰু ভালদৰে লৰাই দিয়ক। এই পানীখিনি নিগনিয়ে অহা-যোৱা কৰা স্থানত ছটিয়াই দিয়ক। নিগনিবোৰ নহৰুৰ বাবে পলাই যাব।
লং তেল
লং তেলে সৰু এন্দুৰ আঁতৰাবলৈ কাম কৰে। ইয়াৰ ব্যৱহাৰৰ বাবে কিছুমান নহৰুৰ কলি কাপোৰত বান্ধি সেইবোৰ নিগনি থকা ঠাইত ৰাখক। ইয়াৰ দ্বাৰা নিগনিবোৰ পলাই যাবলৈ বাধ্য হ’ব আৰু পুনৰ উভতি নাহে৷