আস্থা ভোটত জয়ী মহাৰাষ্ট্ৰৰ সিন্দে – ফাডনাভিছ চৰকাৰ
নিউজ ডেস্ক, ৪ জুলাই : সোমবাৰে অনুষ্ঠিত হোৱা আস্থা ভোটত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দে ৰাজ্যিক বিধান সভাত ১৬৪-৯৯ ব্যৱধানত জয়লাভ কৰে আনহাতে ৩ জন সদস্যই ভোটদানৰ পৰা বিৰত থাকে।
উল্লেখযোগ্য যে, যদিও শিন্দেৰ সপক্ষে ১৬৪ টা ভোট লাভ কৰিছিল তাৰ বিপৰীতে নতুন চৰকাৰৰ বিৰুদ্ধে ৯৯ টা ভোট প্ৰদান হৈছিল।
আনহাতে, উদ্ধৱ ঠাকৰে গোটৰ দুজন বিধায়ক সন্তোষ বাংগাৰ আৰু শ্যামসুন্দৰ চিন্দে আস্থা ভোটৰ ঠিক আগতে একনাথ চিন্দে শিবিৰত যোগদান কৰিছিল।