চৰকাৰ-প্ৰশাসনক তীব্ৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ
নিউজ ডেক্স,৩ জুলাই : “চৰকাৰ-প্ৰশাসনৰ দুৰ্বলতাৰ বাবেই বানপানীত বহু লোক মৃত্যুৰ মুখত পৰিল”- গৌৰৱ গগৈ। কলিয়াবৰৰ সংখ্যালঘু প্ৰধান অঞ্চল বৰঘূলীত উপস্থিত হৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে।
চৰকাৰ-প্ৰশাসনৰ দুৰ্বলতাৰ বাবেই বানপানীত বহু লোক মৃত্যুৰ মুখত পৰিল। বানপানীৰ সময়ত অসমলৈ মোদী, অমিত শ্বাহ আহিবলৈ সময় নাই বুলি কটাক্ষ সাংসদ গৌৰৱ গগৈৰ।
কলিয়াবৰৰ বৰঘূলীত “চৰকাৰ-প্ৰশাসনে দুবাৰ-তিনিবাৰকৈ বান সাহাৰ্য দিব লাগিছিল বন্যাৰ্তক, কিন্তু এবাৰ দিয়েই সামৰিলে” বুলি মন্তব্য গৌৰৱ গগৈৰ।
“বিজেপি চৰকাৰৰ অচ্ছে দিন ক’ত গ’ল? অচ্ছে দিন দুখীয়া সাধাৰণ ৰাইজৰ বাবে নাহে। BJPয়ে নিজৰ দলৰ মানুহক চিনি পায়। অচ্ছে দিন বিজেপিৰ মানুহৰ বাবেহে লাভ হৈছে বুলি পুনৰ প্ৰমাণ হ’ল” বুলি কটাক্ষ গৌৰৱ গগৈৰ।
আনহাতে GSTৰ আওতাত নতুন নতুন সামগ্ৰীক সামৰি লোৱা কাৰ্যক সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়, “GST- Gabbar Singh Tax, ৰাহুল গান্ধীৰ সেই কথা আজি সঁচা প্ৰমাণিত হ’ল। GSTয়ে এতিয়া থলুৱা কৃষক, ব্যৱসায়ীৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে।”