Manish Sisodiaৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফৌজদাৰী মানহানি গোচৰ
নিউজ ডেস্ক, ১ জুলাই : দিল্লীৰ উপ মুখ্যমন্ত্ৰী Manish Sisodiaৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফৌজদাৰী মানহানি গোচৰ। গোচৰৰ শুনানি লৈ ইতিমধ্যেই আদালতে জাননী জাৰি কৰিছে মণিষ শিষোদিয়ালৈ।
৪ জুন ২০২২ ত দিল্লীৰ উপমুখ্যমন্ত্ৰীয়ে প্ৰেছ কানফাৰেন্সত হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ভ্ৰষ্টাচাৰৰ অভিযোগ তুলিছিল। মুখ্যমন্ত্ৰী পৰিয়ালৰ কোম্পানীক PPE কীটৰ ঠিকা দিয়া বুলি উল্লেখ কৰিছিল প্ৰেছ কানফাৰেন্স খনত।
দিল্লীৰ উপমুখ্যমন্ত্ৰী মণিষ শিষোদিয়াৰ সকলো অভিযোগ ভিত্তিহীন আখ্যা মহাধিবক্তা দেৱজিত শইকীয়াৰ।
সংবাদমেল যোগে এই বিষয় সন্দৰ্ভত মহাধিবক্তা দেৱজিত শইকীয়াই কয় যে, “JCB Industries এ NHM ৰ পৰা কোনোধৰণৰ টকা লোৱা নাছিল। ঠিকাৰ বাবে আবেদনো কৰা নাছিল। দিল্লীৰ উপ মুখ্যমন্ত্ৰীয়ে অপবাদ দিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালক।”
দেৱজিত শইকীয়াই লগতে কয় যে দিল্লীৰ উপমুখ্যমন্ত্ৰী মণিষ শিষোদিয়াই মিছা কথা কোৱা বুলি প্ৰমাণ কৰিব পাৰিলে ২ বছৰ পৰ্যন্ত সশ্ৰম কাৰদণ্ড হ’ব পাৰে ।
উল্লেখযোগ্য যে, দিল্লীৰ উপমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে Criminal deformation case তৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু Civil deformation case তৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে।
আনহাতে, ১০০ কোটি টকাৰ damage claim কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে। (কেচ নম্বৰ-৮১/২০২২)