Local, Vocal, Global

পুনৰ দুলীয়াজানত অঘটন

নিউজ ডেস্ক, ৩১ মে’- অইল ইণ্ডিয়া দুলীয়াজানত অঘটন। অইল ইণ্ডিয়াৰ পাইপ ফুটি অহৰহ গতিত নিৰ্গমন হৈছে প্রাকৃতিক গেছ আৰু খাৰুৱা তেল। বিস্তৰ অঞ্চল বিয়পি পৰিছে ‌নিৰ্গত হোৱা খাৰুৱা তেল।

দুলীয়াজানৰ ১৬ নম্বৰ তিনিআলিৰ ৪৩৫ নম্বৰ তৈলখাদত সংঘটিত হৈছে এই অঘটন। উল্লেখযোগ্য যে বিগত ১২মে তাৰিখৰ পৰা অইলৰ ৪৩৫ নম্বৰ তৈলখাদত পাইপ ফুটি অহৰহ তেল নিৰ্গমন হৈ আছিল।

বৰ্তমান সময়ত অইল ইণ্ডিয়া কৰ্তৃপক্ষই তেল আৰু গেছ নিৰ্গম বন্ধ কৰিছে আৰু ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনী, নিৰাপত্তা বিভাগ মোতায়েন কৰিছে। ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনী, নিৰাপত্তা বিভাগ উপস্থিত আছে যদিও এক ভয়াৱহ আশংকাত সকলো স্থানীয় ৰাইজ শংকিত হৈ আছে।


শংকিত স্থানীয় ৰাইজে তেওঁলোকৰ সুৰক্ষাৰ দাবীত তৈলখাদৰ মুখ্য প্ৰৱেশদ্বাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।