Local, Vocal, Global

৩১ মে’ত পেট্ৰ’ল ব্যৱসায়ীসকলৰ এদিনীয়া প্ৰতিবাদ

নিউজ ডেস্ক, ৩০ মে’- ৩১ মে’, মঙলবাৰে সৰ্বভাৰতীয় ডীলাৰ্ছ এছ’চিয়েশ্যনৰ প্ৰতিবাদ। নাটনি হ’ব পাৰে পেট্ৰ’ল-ডিজেল।

পুনেকে ধৰি সমগ্ৰ মহাৰাষ্ট্ৰৰ পেট্ৰ’ল ব্যৱসায়ীসকলে মঙলবাৰে, ৩১ মে’ত এদিনৰ বাবে ইন্ধন ক্ৰয় নকৰি ২০১৭ চনৰ পৰা বৃদ্ধি নোহোৱা ডিলাৰমাৰ্জিন/কমিছন বৃদ্ধিৰ দাবীত প্ৰতিবাদ কৰিব । সৰ্বভাৰতীয় পেট্ৰ’লিয়াম ডীলাৰ্ছ এছ’চিয়েশ্যনৰ দাবীক সমৰ্থন নৰ্থ-ইষ্ট পেট্ৰ’লিয়াম ডীলাৰ্ছ এছ’চিয়েশ্যনৰ।

অল ইণ্ডিয়া পেট্ৰ’ল ডিলাৰ এছ’চিয়েশ্যনৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আলী দাৰুৱালাৰ মতে,”গ্ৰাহকসকলে তেওঁলোকৰ বাহনত ইন্ধন ভৰ্তি কৰিব পাৰে কিয়নো চহৰখনৰ পেট্ৰ’ল পাম্পখোলা থাকিব। কেৱল ডিলাৰসকলেহে চৰকাৰৰ পৰা এদিনৰ বাবে ইন্ধন ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছে,”।

পেট্ৰ’ল ডিলাৰ এছ’চিয়েশ্যনৰ (পিডিএ) মতে, কেন্দ্ৰত আবকাৰী শুল্ক হ্ৰাস হোৱাৰ বাবে কিছুদিন আগতে পেট্ৰ’লৰ বাবে মূল্য ₹৮ লিটাৰ আৰু ডিজেলৰ বাবে ৬ ₹ হ্ৰাস হোৱাৰ ফলত পাম্পৰ মালিকসকলে কোটি কোটি টকাৰ বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

ডিলাৰ মুৰব্বীসকলে কৈছিল, পেট্ৰ’ল বা ডিজেলৰ মূল্য হ্ৰাস হ’লে তেওঁলোকে প্ৰায়ে লোকচান কৰিব লগা হয় কিয়নো তেওঁলোকে উচ্চ হাৰত ইন্ধন মজুত ৰাখে আৰু কম হাৰত বিক্ৰী কৰিব লগা হয়।

তামিলনাডু, পঞ্জাৱ, হিমাচল প্ৰদেশ, ৰাজস্থান, পশ্চিম বংগৰ কিছু অংশ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তেলেংগানা, বিহাৰকে ধৰি অন্যান্য ৰাজ্যকে ধৰি অন্যান্য ৰাজ্যতো পেট্ৰ’ল পাম্পত এই প্ৰতিবাদ অনুষ্ঠিত হ’ব।