ৰকিবুল হুছেইেনে পদত্যাগ কৰা নাই
নিউজ ডেস্ক, ২৬ মে’- APCCৰ কাৰ্যনিৰ্বাহকৰ পৰা ৰকিবুল হুছেইেনে পদত্যাগ কৰা নাই বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই স্পষ্টিকৰণ প্ৰকাশ কৰিলে।
একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম কোষৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিটো বাতৰিক ভুল আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।
বৰ্তমান উমৰাহ হজত আছে প্ৰাক্তন মন্ত্ৰী গৰাকী। হজত যোৱাৰ পূৰ্বে ভূপেন বৰাৰ সৈতে কথা পাতি গৈছে মন্ত্ৰী গৰাকীয়ে। উমৰাহ হজৰ পৰা উভতি আহি ৰকিবুল হুছেইনে তেওঁৰ স্থিতি স্পষ্ট কৰিব বুলি প্ৰকাশ কৰে ভূপেন কুমাৰ বৰাই।
জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ খবৰ বিয়পি পৰাৰ পিছতে ভূপেন বৰাই কয় যে, জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকী হজ যাত্ৰাত আছে। তেওঁৰ এই ধৰ্মীয় যাত্ৰাৰ সময়তে এইদৰে অপপ্ৰচাৰ হোৱা কাৰ্যত দুখ প্ৰকাশ কৰিছে।
দুই এদিনতে অসমলৈ উভতি আহিব ৰকিবুল হুছেইন। ১৭ মে’ত প্ৰদেশ কংগ্ৰেছৰ ত্বতাৱধায়ক জিতেন্দ্ৰ সিঙক ৰকিবুল হুছেইনে সকলো কথা অৱগত কৰিছে বুলি মন্তব্য কৰে ভূপেন বৰাই ।
বিগত সময়ত ৰিপুন বৰাই কংগ্ৰেছ ত্যাগ কৰিলে বুলি ওলোৱা বাতৰিও প্ৰথম অৱস্থাত প্ৰদেশ কংগ্ৰেছে ভূল বুলি কৈছিল কিন্তু শেষত ৰিপুন বৰাই কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল।
গতিকে ৰকিবুল হুছেইনৰ মন্তব্যৰ পাছত হে জনা যাব কোনটো বাতৰি শুদ্ধ কোনটো ভূল ।
তেওঁ দলত থাকিব নে নাথাকে।