Local, Vocal, Global

‘কাৰ্ণি মাতা মন্দিৰ’

ভাৰতবৰ্ষ বিভিন্ন মঠ মন্দিৰৰ লগত বিভিন্ন কাহিনী জড়িত হৈ আছে। তাৰ ভিতৰত এটা মন্দিৰৰ কাহিনীৰ সৈতে আপুনি হয়তু পৰিচিত নহয়।


আমাৰ দেশখন মঠ-মন্দিৰৰ দেশ হিচাপে বিশ্ববিখ্যাত য’ত অলেখ-দেৱ-দেৱীক পূজা কৰা হয়।
কিন্তু এনে এটি মন্দিৰো আছে যিটোত নিগনিক উপাসনা কৰা হয় আৰু ইয়াত থকা সহস্ৰাধিক নিগনিৰ বাবেই এই মন্দিৰটো বিশ্ববিখ্যাত।


ৰাজস্থানৰ বিকানেৰৰ পৰা ৩০ কি.মি. দূৰত্বত অৱস্থিত ‘কাৰ্ণি মাতা মন্দিৰ’।এই মন্দিৰটোত প্ৰায় ২৫০০০ নিগনি আছে, যাক সম্পূৰ্ণ ৰক্ষণাবেক্ষণ দি ৰখা হয় । তাৰে প্ৰায়খিনিয়েই ক’লা নিগনি । খুব কম সংখ্যক বগা নিগনি দেখা পোৱা যায় আৰু এই বগা নিগনিৰ দৰ্শন হোৱাটো ভক্ত সকলে সৌভাগ্য বুলি গণ্য কৰে।


জানিব পৰা মতে, ইমান সহস্ৰাধিক নিগনি থকা সত্বেও আজিলৈকে এটাও প্লেগ ৰোগৰ ঘটনা ইয়াত হোৱা নাই।
অস্বাভাৱিক যদিও সত্য যে কেতিয়াবা কোনো নিগনিৰ মৃত্যু হ’লেও কোনোধৰণৰ দুৰ্গন্ধ নিৰ্গত নহয়।


ইয়াত মৃত্যু হোৱা প্ৰতিটো নিগনিৰ বিপৰীতে সমান আকাৰ আৰু ওজনৰ এটি নিগনিৰ প্ৰতিমূৰ্তি বনোৱা হয়, যিটো সম্পূৰ্ণ সোণেৰে গঢ়োৱা।