Local, Vocal, Global

ইউক্ৰেইনত আবদ্ধ অসমৰ নাগৰিকৰ বাবে ৰাজ্য চৰকাৰৰ হেল্পলাইন নম্বৰ মুকলি

নিউজ ডেস্ক, ২৭ ফ্ৰেব্ৰুৱাৰীঃ ইউক্ৰেইনত অব্যাহত আছে ৰাছিয়াৰ আক্ৰমণ। এই যুদ্ধৰ বাবে ইউক্ৰেইনত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ ভাৰতীয় লোকৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে।
        ভাৰতীয় নাগৰিকৰ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও অসমৰ শিক্ষাৰ্থী তথা নাগৰিকৰ বাবে অসম চৰকাৰে হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে।
        অসমৰ যিকোনো লোকে তেঁওলোকৰ পৰিয়ালৰ কোনো লোক যদি ইউক্ৰেইনত আবদ্ধ হৈ আছে তেন্তে অনলাইন হেল্পলাইন ডেস্কত সবিশেষ তথ্য দাখিল কৰিলে অসম চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। হেল্পডেস্কৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা লিংকটো হ’ল- Https://tinyurl.com/ypwrwrm3
       আনহাতে কামৰূপ মহানগৰৰ লোকৰ বাবেও টোলফ্ৰী নম্বৰ আৰু হোৱাটছএপ নম্বৰ মুকলি কৰিছে, টোলফ্ৰী নম্বৰটো হ’ল-১০৭৭ আৰু হোৱাটছএপ নম্বৰটো হৈছে-৯৩৬৫৪২৯৩৪১ এইকেইটা নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে।