Local, Vocal, Global

কাকপথাৰত ড্ৰাগছসহ ৩জনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২৭ ফ্ৰেব্ৰুৱাৰীঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহ। কাকপথাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ৩ লাখ ৬১ হাজাৰ নগদ ধন জব্দ কৰে। লগতে ড্ৰাগছৰ সৰবৰাহত জড়িত ৩ জনক ATM কাৰ্ড, ৰেভিনিউ টিকট আৰু বহুতো আপত্তিজনক নথিপত্ৰসহ গ্ৰেপ্তাৰ কৰে কাকপথাৰ আৰক্ষীয়ে। কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবীন চেতিয়াৰ নেতৃত্বত এই অভিযান চলায়।
       ড্ৰাগছত জড়িত লোককেইজন হ’ল- ডিৰাক সোনজানৰ লক্ষেশ্বৰ বৰুৱা, প্ৰদীপ মৰাণ আৰু ডিৰাক ৰংপুৰীয়াৰ শৰৎ দিহিঙীয়া।