Local, Vocal, Global

মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক বৃন্দাৱনী বস্ত্ৰৰ আলোকচিত্ৰ প্ৰদান কৰাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আনন্দ প্ৰকাশ

গুৱাহাটী,২৫ ফ্ৰেব্ৰুৱাৰীঃ আজি অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক অসমৰ ঐতিহ্যমণ্ডিত “বৃন্দাৱনী বস্ত্ৰ”ৰ এখন আলোকচিত্ৰ প্ৰদান কৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, জনস্বাস্থ্য, কাৰিকৰী, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অতি আনন্দ প্ৰকাশ কৰে। মন্ত্ৰী দাসে কয়- আজি ৰাষ্ট্ৰপতিক এই ঐতিহ্যমণ্ডিত “বৃন্দাৱনী বস্ত্ৰ” আলোকচিত্ৰ প্ৰদান কৰাত মই নথৈ আনন্দিত হৈছো। কিয়নো আগন্তুক দিনত এই “বৃন্দাৱনী বস্ত্ৰ”ৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বহুলভাৱে প্ৰচাৰ হ’ব প্ৰকৃত “বৃন্দাৱনী বস্ত্ৰ”খন বিদেশৰ পৰা অসমলৈ ঘূৰাই অনাৰ পথ প্ৰশস্ত হ’ব বুলি মই আশাবাদী”।
         “বৃন্দাৱনী বস্ত্ৰ” হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দিকদৰ্শন আৰু তত্বাৱধনাত বৰপেটাত মথুৰা দাস বুঢ়া আতাই প্ৰস্তুত কৰি উলিওৱা এখন বস্ত্ৰ। এই বস্ত্ৰখনি শ্ৰীকৃষ্ণই বাল্যকালত বৃন্দাবনত কৰা লীলাসমূহ চিত্ৰসহ বৰ্ণনা কৰা আছে। মন্ত্ৰী দাসে এই “বৃন্দাৱনী বস্ত্ৰ”খনি অসমলৈ ঘূৰাই অনাৰ বাবে যোৱা কিছুবছৰ ধৰি যৎপৰোনাস্তি প্ৰচেষ্টা চলাই থকাৰ কথা উল্লেখ কৰি কয় যে, “বন্দাৱনী বস্ত্ৰ” খনৰ কিছু অংশ এতিয়া লণ্ডনৰ ভিক্তোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহলায়ত আৰু কিছু অংশ পেৰিছৰ গুইমট সংগ্ৰহলায়ত সংৰক্ষিত হৈ