Local, Vocal, Global

গুৱাহাটীৰ ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ চুপাৰি জব্দ

নিউজ ডেস্ক,২৬ ফ্ৰেব্ৰুৱাৰীঃ ৰাজ্যত অব্যাহত আছে চুপাৰী চিণ্ডিকেট।পুনৰ গুৱাহাটীৰ ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ চুপাৰী জব্দ। ৰাজধানী এক্সপ্ৰেছত উদ্ধাৰ কৰা হয় ৪৪ বেগ চুপাৰী। আনহাতে কামৰূপ এক্সপ্ৰেছত উদ্ধাৰ হয় ২২ বেগ। চুপাৰীখিনি বাৰ্মিজ চুপাৰী বুলি সন্দেহ কৰে ৰে’ল আৰক্ষীয়ে। যাত্ৰীবাহী ৰে’ল যোগে সৰবৰাহ হৈ থকা অৱস্থাত উদ্ধাৰ কৰে চুপাৰীখিনি।
            ডিমাপুৰৰ পৰা চি এন বিলৈ নিবলৈ আনিছিল ৪৪ বেগ চুপাৰী। আনহাতে ডিমাপুৰৰ পৰা হাওৰালৈ ২২ বেগ। পুৱা GRPৰ অভিযানত জব্দ হয় চুপাৰীখিনি।