মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে পৌৰ নিৰ্বাচনৰ দলীয় সংকল্প পত্ৰ

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : ৬০ টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী লাভ কৰিলে বিজেপিয়ে । আটাইকেইটা পৌৰসভা বিজেপি তথা মিত্ৰগোষ্ঠীৰ দখলত আহিব। মাজুলীত বিজেপি প্ৰাৰ্থীয়ে জয় লাভ কৰিব। মাজুলিত বিজেপিয়ে ৭০ হাজাৰ ব্যৱধানত জয়লাভ কৰিব। নগৰীয়া লোকক ভূমি অধিকাৰ দিয়া হব লগতে নগৰ অঞ্চলত খোৱা পানী ২৪ ঘন্টাই পাব উন্নত পদ্ধতিত। সকলো মাটি বাৰীৰ অসুবিধা দূৰ কৰিব চৰকাৰে।

আনহাতে, ৯০০ টা পৌৰ নিকায় আছে । নগৰীয়া সংকল্প, ভূমি অধিকাৰ, খোৱা পানী, স্বচ্ছতা, মাষ্টাৰ প্লেন, ষ্ট্ৰীট লাইট, ট্ৰেফিক-পাৰ্কিং ইত্যাদি। আৱৰ্জনা নোহোৱা কৰাৰ ব্যৱস্থা কৰা হ’ব আৰু আৱৰ্জনাৰ পৰা মিথানল প্ৰস্তুত কৰা হ’ব। নগৰত থকা দৰিদ্ৰ আৰু মধ্যবিত্তই পাব ভূমি। অট্টালিকা নিৰ্মাণত গুৱাহাটীৰ নিয়মেই সকলোতে হ’ব। জেইল সমূহৰ চহৰৰ পৰা স্থানান্তৰ কৰাৰ লগতে সেই জেইলৰ ভূমিত পাৰ্ক আদি নিৰ্মাণ হ’ব। ১০ মে’ৰ পৰা আৰম্ভ হ’ব সকলো কাম। ট্ৰেড লাইচেঞ্চ অনলাইন হ’ব।
আনহাতে, পোহনীয়া পশু পক্ষীৰ বাবে উন্নতমানৰ চিকিৎসালয় নিৰ্মাণ কৰাৰ লগতে নগৰ অঞ্চলত খেদাৰ দিব চৰকাৰে । ধেমাজি, বঙাইগাঁও, মৰিগাঁও, তামুলপৰত চিকিৎসালয় নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। নগৰাঞ্চলত সৰু সৰু ইলেক্ট্ৰিকেল বাছ দিয়া হ’ব। চাইকেল ট্ৰেক, ৱাকিং ট্ৰেক নিৰ্মাণ হ’ব।
মুখ্যমন্ত্ৰীৰ মন্তব্য, সকলো অসম্ভৱক সম্ভৱ কৰি তুলিব এইখন চৰকাকে । সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলাব মাজুলীত। অসম গন পৰিষদৰ প্ৰাৰ্থীকো সহযোগ কৰিব বিজেপিয়ে। বঙাইগাঁৱত মিত্ৰতা নাই। ৰঞ্জী ট্ৰফীৰ পিছত নেহৰু ষ্টেডিয়ামত ফুটবল আৰম্ভ হ’ব। ৩/৪ মাৰ্চত মাজুলীত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। ইউক্ৰেইনৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুৰক্ষিত কৰিব চৰকাৰে।