ৰাছিয়া ইউক্ৰেনৰ যুদ্ধত এয়াৰবেছ, এয়াৰ ডিফেঞ্চ ধ্বংস-নিহত ইউক্ৰেনৰ শ শ সেনা

নিউজ ডেস্ক, ২৪ ফ্ৰেব্ৰুৱাৰীঃ ইতিমধ্যে ৰাছিয়া আৰু ইউক্ৰেনৰ মাজত যুদ্ধ আৰম্ভ হৈছে। এই যুদ্ধত ৰাছিয়াই এয়াৰবেছ, এয়াৰডিফেঞ্চ ধ্বংস কৰাৰ উপৰিও ইফালে ইউক্ৰেনৰ সামৰিক বাহিনীয়ে দেশৰ পূৱ অংশত প্ৰায় পাঁচখন শক্ৰ বিমান আৰু এখন হেলিকপ্টাৰ গুলীবৰ্ষন কৰে।
ইউক্ৰেইনৰ বিষয়াই জনায় যে, ৰাছিয়াৰ আক্ৰমণত শ শ ইউক্ৰেনৰ সেনা নিহত হয় । ইয়াৰ পূৰ্বে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, ৰাছিয়াই ইউক্ৰেনৰ সামৰিক আন্তঃগাঁঠনি, বায়ু প্ৰতিৰক্ষা আৰু বায়ু সেনাক লক্ষ্য কৰি লৈছে যদিও ইউক্ৰেনৰ চহৰসমূহত আক্ৰমণ কৰা নাই। লগতে মস্কোৱে ইউক্ৰেনৰ ওপৰত আক্ৰমণ চলাইছে আৰু মিছাইলৰ দ্বাৰা আঘাটপ্ৰাপ্ত কেইবাখনো চহৰত সামৰিক কমাণ্ড কেন্দ্ৰ আছে।
ৰাছিয়াৰ সংবাদ সংস্থাসমূহৰ এক বিবৃত্তিত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, সামৰিক আন্তঃগাঁঠনি, বায়ু প্ৰতিৰক্ষা সুবিধা, সামৰিক বিমানক্ষেত্ৰ আৰু ইউক্ৰেনৰ সশস্ত্ৰ বাহিনীৰ বিমান চলাচল অক্ষম কৰা হৈছে।