ধুবুৰীত পুনৰ এনকাউণ্টাৰ
ধুবুৰী: ৰাজ্যখনত এটাৰ পিছত এটা এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে। ধুবুৰীত পুনৰ নিশাৰ ভাগত আৰক্ষীয়ে ড্ৰাগছ মাফিয়াক এনকাউণ্টাৰ কৰে। জানিব পৰা মতে বিল্লাল সেখ নামৰ যুৱকজনে দীৰ্ঘ দিন ধৰি ধুবুৰীৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ব্যৱসায় চলাই গৈছিল। শনিবাৰে সন্ধিয়া ধুবুৰী আৰক্ষীয়ে ধুবুৰী আই,জী,ৰোডৰ অঞ্চলৰ পৰা যুৱকজনক আটক কৰি ধুবুৰী আৰক্ষী চকীলৈ লৈ আনে। নিশা যুৱকজনক আৰক্ষীয়ে লগত লৈ গৈছিল গৌৰীপুৰত ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ।
সেই সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। বিল্লাল সেখ নামৰ যুৱকজনৰ ভৰিত লক্ষ্য কৰি আৰক্ষীয়ে গুলি চালনা কৰে। আৰক্ষীৰ গুলিত গুলিবিদ্ধ হৈ বৰ্তমান ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে যুৱকজন।