অনিমেষ ভূঞা হত্য়াকাণ্ডৰ চাৰ্জশ্বীট দাখিল যোৰহাট আৰক্ষীৰ

নিউজ ডেস্ক,১৭ জানুৱাৰীঃ যোৰহাটত সংঘটিত ভয়াবহ অনিমেষ কাণ্ডৰ গোচৰ নং ২৬২০/২৪/১০৯/১১৭/১৪৬/১৪৭/৩০৭/৯০৪/৩৪ গোচৰত ৮৮০ পেজৰ অনিমেষ ভূঞা কাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰে। কেছ ডায়েৰীত ১৩জন অভিযুক্তৰ ভিতৰৰ অন্যতম সুভাষ বৰাৰ কোনো সাক্ষ্য নাই। আৰক্ষী উপপৰিদৰ্শক দণ্ডিৰাম বৰাৰ নেতৃত্বত SIT দলৰ সহযোগত ৫০ দিন ধৰি হৈছিল এই তদন্ত। এতিয়াও অব্যাহত আছে এই তদন্ত প্ৰক্ৰিয়া। যোৰহাট জিলাৰ সত্ৰ ন্যায়াধীশে দাখিল কৰে এই কেচ ডায়েৰী। অধিবক্তা ৰিণ্টু গোস্বামীক চৰকাৰীভাৱে নিযুক্তিৰ বাবে অনুৰোধ কৰে ন্যায়ালয়ে।
উল্লেখ্য যে উপযুক্ত সাক্ষী প্ৰমাণ নোপোৱাৰ ফলত অভিযোগ পত্ৰত সুভাষ বৰাৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল