Local, Vocal, Global

বকোৰ জালুকবাৰীত এক হৃদয় বিদাৰক ককা আৰু নাতি-নাতিনীৰ কাহিনী

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ পিতৃ-মাতৃৰ অকাল বিয়োগত সৰ্বহাৰা দুই শিশু। একমাত্ৰ আশ্ৰয়স্থল হিচাপে আছে দৰিদ্ৰ ককা। এসাঁজ খাই এসাঁজ নাখাই বহন কৰিছে দুই নাতা-নাতিনীৰ সমষ্ট খৰছ। চৰকাৰ তথা হৃদয়বান ব্যক্তিক কাতৰ আহ্বান জনায় নাতিসহ দৰিদ্ৰ ককাকে কয় যে-আমাক পঢ়িবলৈ আৰু থাকিবলৈ সুবিধা কৰি দিয়ক।
                    বকোৰ জালুকবাৰীৰ কৈৱৰ্ত্তপাৰা গাঁৱৰ দুটি অনাথ শিশুৰ একমাত্ৰ আশ্ৰয়স্থল হৈ পৰিছে দৰিদ্ৰ ককাক বিনাৰাম কৈৱৰ্ত্ত। অতি দৰিদ্ৰ ককাকে ভৰণ-পোষনৰ লগতে বহন কৰিবলগীয়া হৈছে সম্পূৰ্ণ দায়িত্ব। এমুঠি অন্নৰ অভাৱত কেতিয়াবা অনাহাৰেও কটাবলগীয়া হয় দিন-ৰাতি।
                     বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকে নগদ ধনৰ ওপৰিও শিশু দুটিৰ টিউচন ফিজৰ দায়িত্ব লয়। কণমানি দুটিক যদি কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেন্তে তলত বেংকৰ নম্বৰ উল্লেখ কৰা হৈছে-

Allahabad bank
account holder-Binaram kabratya
Account no-22178005898
IFSC code-101BOOOG517