Local, Vocal, Global

ভয়ংকৰ ঘটনা ,ভাঙি পৰিল দিচাং নদীৰ এখন দলং

হঠাতে মাজতে ভাঙি পৰিল দিচাং নদীৰ এখন দলং । ভাগি দুটুকুৰা হ’ল দিচাং নদীৰ ওপৰত থকা এখন পকী দলং। শিৱসাগৰ জিলাৰ চেপন চুণপোৰা পথৰ দিচাং নদীৰ ওপৰত আছিল দলংখন । আজি পুৱা প্ৰায় ৯ মান বজাত এখন শিল ভৰ্ত্তি ডাম্পাৰ পাৰ হোৱাৰ সময়তে ভাগি পৰে ১৯৭৫ চনতে নিৰ্মাণ হোৱা এই পুৰণি দলংখন।ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে সধাৰণ লোকৰ যাতায়তৰ বাবে অতি প্ৰয়োজনীয় এই দলংখন ভাগি পৰাত নিশ্চিত ৰূপত সমস্যাত ভূগিব লাগিব বৃহত্তৰ অঞ্চলটোৰ ৰাইজ।শিৱসাগৰ জিলাৰ বৃহত্তৰ বকতা অঞ্চলৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ সমল হিচাপে দলংখনে ইমান বছৰে ধ্বজা উৰুৱাই আছিল। পিছে প্ৰায় ৫০ টা বছৰৰ পাছত দুটুকুৰা হৈ পৰে দলংখন ৷