Local, Vocal, Global

ভেকচিন বাধ্যতামূলক নহয়, কোভিড ভেকচিন ল’বলৈ কাকো বাধ্য কৰিব নোৱাৰে-কেন্দ্ৰীয় চৰকাৰ

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ ক’ভিড ভেকচিনৰ প্ৰসংগত কেন্দ্ৰ চৰকাৰে দেশৰ উচ্চতম ন্যায়ালয়ৰ এক শপতনামাত কৈছে যে ক’ভিড ভেকচিন বাধ্যতামূলক নহয় আৰু কোনো ব্যক্তিক তেঁওলোকৰ ইচ্ছাৰ বিপৰীতে ভেকচিন ল’বলৈ বাধ্য কৰিব নোৱাৰিব। তাৰোপৰি কেন্দ্ৰই কৈছে যে, ক’ভিড ভেকচিন সম্পৰ্কে কেন্দ্ৰই বৰ্তমানলৈকে কোনো এছ অ পি জাৰি কৰা নাই। ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ যিকোনো উদ্দেশ্যত বাধ্যতামূলকো নহয়।