Local, Vocal, Global

অসমৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ ১৭০ জন কৰ্মচাৰী ছয় মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত

গুৱাহাটী, ১৩ জানুৱাৰী : যি সময়ত অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণে অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু পালন আয়োজন কৰিছে সেই সময়ত অসমৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ ১৭০ জন কৰ্মচাৰীয়ে প্ৰাপ্য দৰমহাৰ পৰা ছয় মাহ ধৰি বঞ্চিত হৈ দুৰ্যোগ ভোগিব লগা হৈছে। উন্নয়নৰ ফটা মোৰ বজোৱা চৰকাৰে খাদী বৰ্ডৰ কৰ্মচাৰী পৰিয়ালৰ মুখৰ ভাত কাঢ়ি খোৱাৰ অভিযোগ উত্থাপিত হৈছে।গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰি ঘৰুৱা উৎপাদনেৰে এক সমৃদ্ধিশালী ভাৰতীয় গ্ৰাম্য সমাজ সৃষ্টিৰ গান্ধীৰ সপোন আজি অসমত ৰাজ্য চৰকাৰৰ অমনোযোগীতাত চাৰখাৰ হ’ব ধৰিছ। খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অধ্যক্ষ – উপাধ্যক্ষ আৰু একাংশ বৰমূৰীয়াৰ দুৰ্নীতি অনিয়মৰ বাবে মাত্ৰ ৩০ শতাংশ কৰ্মচাৰীৰে কোনোমতে জীয়াই থকা বিভাগৰ ১৭০ জন কৰ্মৰত লোকক প্ৰাপ্য দৰমহা ছয়মাহে আদায় নিদিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । গ্ৰাম্য সমাজক স্বনিৰ্ভৰশীল কৰাৰ এই সপোনৰ বোকোচাত উঠি একাংশ আমোলা আৰু ৰাজনৈতিক নেতাই উক্ত বৰ্ডক কেন্দ্ৰীয় চৰকাৰৰ পৰা আৱন্টিত ন্যস্ত স্বাৰ্থ পূৰণৰ খনি ৰূপে ব্যৱহাৰ কৰিবলৈ লোৱা পৰিণতিতেই ই এক পয়ালগা অৱস্থাত পৰিণত হোৱা বুলি বঞ্চিত কৰ্মচাৰী সকলে অভিযোগ উত্থাপন কৰিছে। এতিয়া অসমৰ বিভিন্ন স্থানত থকা খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড প্ৰহসন স্বৰূপ হৈ পৰিছে। ৰাজ্য চৰকাৰৰ অনিহাৰ বাবেই অসমৰ প্ৰতিখন নগৰ-চহৰতেই খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ নামত থকা ভূমি আৰু সম্পত্তি তথা বিভিন্ন উদ্যোগ জহি-খহি যোৱা পৰিলক্ষিত হৈছে। ইয়াৰ লগতে এই সমূহত কৰ্মৰত বহু কৰ্মচাৰীৰ চাকৰিও নোহোৱা হৈছে। খাদী উৎপাদনৰ নামত অধিকাংশই আনৰ পৰা ক্ৰয় কৰিহে আনে । অথচ প্ৰতি বছৰেই এই বৰ্ডৰ উৎপাদন আৰু উন্নয়নৰ নামত কেন্দ্ৰীয় চৰকাৰৰ পৰা আৱন্টিত কোটি কোটি টকাৰে একাংশ উচ্চ পদস্থ বিষয়া আৰু বৰ্ডৰ অধ্যক্ষ-উপা অধ্যক্ষই বিলাসী জীৱন যাপন কৰিছ। কৰ্মচাৰীক ছয়মাহে দৰমহা দিব নোৱাৰা বিভাগটোৰ উন্নয়নৰ বাবে আৱন্টিত এটা অংশ ধনৰেই এনে বস্ত্ৰ বা সামগ্ৰী ক্ৰয়ৰ বিপৰীতে বাকীসমূহ ধন বৰ্ডৰ অধ্যক্ষ তথা কাৰ্যবাহী বিষয়াৰ যান-বাহন দা-দৰমহা তথা অন্যান্য সা-সুবিধা আদিত ব্যয় কৰা হয়। ৰাইজে জানি আচৰিত হ’ব যি খাদী বৰ্ডৰ অধ্যক্ষগৰাকী কেবিনেট মন্ত্ৰী পৰ্যায়ৰ, বৰ্ডৰ সদস্যসকলেও প্ৰতিখন বৈঠকৰ নামত লাভ কৰে বৃহৎ পৰিমানৰ ধন। আনহাতে ভোগালী বিহুৰ সময়ত দৰমহা আদায় নাপালে বিভাগীয় মন্ত্ৰী, অধ্যক্ষ-উপাঅধ্যক্ষৰ ঘৰ ঘেৰাও কৰিব বুলিও কৰ্মচাৰী সকলে ভাবুকি দিছে।