Local, Vocal, Global

পূৰ্বৰ স্থানত মইনবড়ি সত্ৰখন পুনৰ গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ ল’ব-মুখ্যমন্ত্ৰী

দিশপুৰ, ১৩ জানুৱাৰীঃ অসমৰ কৃষিজীৱী ৰাইজৰ কৰ্ম প্ৰেৰণাৰ উৎস মাঘবিহুৰ উৰুকাৰ পবিত্ৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা জিলাৰ সৰভোগস্থিত ঐতিহাসিক শ্ৰী শ্ৰী মইনবড়ি সত্ৰত উপস্থিত হৈ ৰাজ্য তথা দেশবাসীৰ সুখ-সমৃদ্ধি আৰু মঙ্গলৰ বাবে গুৰু আসনত সেৱা আগবঢ়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।
                  এই উপলক্ষ্যে সত্ৰখনত আয়োজিত এক অনুষ্টুপীয়া কাৰ্যসূচীত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ঐতিহাসিক শ্ৰী শ্ৰী মইনবড়ি সত্ৰৰ এক সুন্দৰ ইতিহাস আছে। তেঁও কয় যে নাৰায়ণ দাস ঠাকুৰ আতাই প্ৰতিষ্ঠা কৰা সময়ৰে পৰা এই সত্ৰখনৰ যি প্ৰত্যাহ্বানৰ যাত্ৰা, সেই সম্পৰ্কে ৰাজ্যত বিশদভাৱে আলোচনা হৈছে। সত্ৰখনৰ তৰফৰ পৰা আন্তঃগাঁঠনি সৱলীকৰণৰ বাবে এখন আবেদন লাভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আবেদনৰ ভিত্তিত  সত্ৰখনৰ উন্নয়ণৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পুঁজি যোগান ধৰাৰ লগতে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব। তদুপৰি পূৰ্বে যি স্থানত এই সত্ৰখন প্ৰতিষ্ঠা কৰা হৈছিল, সেই ঠাইত সত্ৰখন পুনৰ গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ ল’ব।
              মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পৰিদৰ্শনৰ সময়ত সত্ৰখনৰ চৌহদত এটি গছপুলি ৰোপন কৰাৰ লগতে উপস্থিত ভক্তপ্ৰাণ ৰাইজৰ লগত মত বিনিময় কৰি সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনায়। সেই সময়ত সত্ৰখনত নলবাৰী সমষ্টিৰ বিধায়ক তথা ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, সত্ৰাধিকাৰ গণেশচন্দ্ৰ অধিকাৰী, ডেকা সত্ৰাধিকাৰ ধৰ্মেশ্বৰ অধিকাৰীৰ লগতে বহুসংখ্যক ভকত-বৈঞ্চৱ উপস্থিত থাকে।