ৰাজ্যত ৭ দিনত ৩,৩৪৭ জন লোক ক’ৰোনাৰ আক্রান্ত

নিউজ ডেস্কঃৰাজ্যত ক্রমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ তৃতীয় ঢৌৱে৷ এদিনতে প্রায় ডেৰ গুণতকৈও অধিক লোক ক’ৰোনাত আক্রান্ত হৈছে৷ বৃহস্পতিবাৰে ৮৪৪জন লোক ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে শুকুৰবাৰে ১,১৬৭জন লোক ক’ৰোনাত আক্রান্ত হৈছিল৷ আনহাতে, শনিবাৰৰ দিনটোত ক’ৰোনাত আক্রান্ত হোৱা লোকৰ সংখ্যা হৈছে ১,২৫৪জন৷ শনিবাৰৰ দিনটোত ৩৩,৬০৯জন লোকৰ ক’ভিড পৰীক্ষা কৰাৰ পাছত পজিটিভ চিনাক্ত হয় ১,২৫৪জন লোক৷ কামৰূপ (মহানগৰ) জিলাত ৪৭২জন লোক শনিবাৰৰ দিনটোত ক’ৰোনাত আক্রান্ত হৈছে৷ ক্রমাৎ ক’ভিডৰ তৃতীয় ঢ়ৌৱে পৰিস্থিতি জটিল কৰি তোলাই নহয়, আক্রান্তৰ সংখ্যাও প্রতিদিনে ডেৰ গুণতকৈ অধিক বৃদ্ধি পাবলৈ লৈছে৷
লক্ষণীয়ভাৱে নৱবর্ষৰ প্রথম দিনটোৰ পৰাই যোৱা সাতটা দিনত ক’ভিডত আক্রান্ত হৈছে ৩,৩৪৭জন লোক৷ এনে পৰিস্থিতিত সাধাৰণ ৰাইজক অধিক সতর্ক আৰু সজাগ হ’বলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে৷ লক্ষণীয়ভাৱে কালি আক্রান্তৰ হাৰ ৩.৩২ শতাংশৰ বিপৰীতে শনিবাৰে আক্রান্তৰ হাৰ হৈছে গৈ ৩.৭৩ শতাংশ৷
আনহাতে শনিবাৰৰ দিনটোত দুজন লোকৰ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু ঘটিছে৷ পৰিস্থিতি এনে পর্যায়ত থাকিলে ২০ জানুৱাৰীলৈ ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা দহ হাজাৰ অতিক্রম কৰিব বুলি ইতিমধ্যে স্বাস্থ্য বিশেষজ্ঞসকলে সতর্কবাণী দিছে৷ এনে পৰিস্থিতিত স্বাস্থ্য বিভাগে মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰখাত সর্বাধিক গুৰুত্ব দিছে৷