Local, Vocal, Global

উত্তৰ গুৱাহাটীত নাহৰফুটুকীৰ সন্ত্ৰাস: পোৱালিসহ ওলাই আহিল জনাঞ্চললৈ

নিউজ ডেস্কঃ ৰাজ্যত পুনৰ বাঘৰ আতংক। এইবাৰ আই আই টি গুৱাহাটীৰ প্ৰৱেশ দ্বাৰত ওলাল বাঘ। নিশা পোৱালিসহ নাহৰফুটুকী প্ৰত্যক্ষ কৰিলে ডাম্পাৰ চালকে। গাড়ীৰ ভিতৰৰ পৰা কেমেৰাত আৱদ্ধ কৰিলে ফটো। চালকজনে নাহৰফুটুকীটো আই আই টি ৰ পৰা শিশু গ্ৰামৰ হাবিত প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰে।

তাৰোপৰি কেইবাটাও নাহৰফুটুকীয়ে অঞ্চলটোত বিচৰণ কৰাৰ অভিযোগ স্থানীয় লোকৰ। অবাধ পাহাৰ ধ্বংসৰ বাবে জনাঞ্চললৈ ওলাই আহিছে নাহৰফুটুকী।

আনহাতে, শোণিতপুৰ বৰছলাতো পুনৰ বাঘে আতংকৰ সৃষ্টি কৰিছে। কাহিলী পুৱাতে পথাৰৰ মাজত একাংশই প্ৰত্যক্ষ কৰে বাঘটো। উল্লেখ্য যে বিগত ১৫ দিন ধৰি এটা ঢেঁকীয়াপতীয়া বাঘে অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে।