কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ নিশা কাটিগড়া কালাইনত ৬০০ বস্তা চুপাৰি উদ্ধাৰ

নিউজ ডেস্ক,৬জানুৱাৰী: কাছাৰত পুনৰ সক্ৰিয় বাৰ্মিজ চুপাৰি ছিন্ডিকেট চক্ৰ ৷ মূখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পিছতো যেন ডেমকেয়াৰ ছিন্ডিকেট চক্ৰ ৷ যোৱা নিশা কাছাৰৰ কালাইনত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ হোৱাৰ পিছত এই কথা সত্য প্ৰমাণিত হল ৷ জানিব পৰা মতে, যোৱা নিশা তিনিখন বাৰ্মিজ চুপাৰি ভৰ্ত্তি ট্ৰাক মিজোৰামৰ পৰা বহিৰাজ্যত পাছাৰ কৰাৰ সময়ত কাছাৰ কালাইনত আৰক্ষীয়ে জব্দ কৰে ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি চালক সহ মোট ৭ জনক ৷ ধৃত কেইজন ক্ৰমে, বজৰং লাল (চালক), আনসুল যাদব (চালক), বালক ৰাম (চলাক) , বাবু মজুমদাৰ (সৰবৰাহকাৰী), খায়ৰ হুছেইন লস্কৰ (সৰবৰাহকাৰী), আমজদ হুছেইন লস্কৰ (সৰবৰাহকাৰী), আৰু মিকন লস্কৰ (সৰবৰাহকাৰী) ৷
গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে নিশা শিলচৰ গুয়াহাটি ৰাষ্ট্ৰীয় ঘাইপথৰ কালাইনৰ পৰা জব্দ কৰে RJ 37GA 2373, UP 75M 2661 আৰু ML 10B 7863 নম্বৰৰ চুপাৰি ভৰ্ত্তি ট্ৰাক কেইখন ৷ এখন অল্টো বাহনৰে ধৃত চাৰি সৰবৰাহকাৰীয়ে চুপাৰি ভৰ্ত্তি ট্ৰাক কেইখন স্কট দিয়ি লৈ যোৱাৰ সময়ত আৰক্ষীয়ে চাৰিজন সৰবৰাহকাৰী সহ জব্দ কৰে ট্ৰাক কেইখন ৷ লগতে গ্ৰেপ্তাৰ কৰে ট্ৰাক কেইখনৰ চালকক ৷ জব্দ হোৱা ট্ৰাক কেইখনৰ পৰা উদ্ধাৰ হয় প্ৰায় ৬০০বস্তা বাৰ্মিজ চুপাৰি ৷ যাৰ বজাৰ মূল্য আনুমানিক ১ কৌটি ৫০ লাখ টকা হব বুলি জানিব পৰা গৈছে ৷ ধৃত সকলক আৰক্ষীয়ে বৰ্তমান কাটিগড়া আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে ৷