Local, Vocal, Global

দিল্লীত এসপ্তাহৰ বাবে বিদ্যালয় বন্ধ ঘোষণা, কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰা নিৰ্দেশ

দেশৰ ৰাজধানী দিল্লীত ভয়াবহ বায়ু প্ৰদূষণৰ কাৰণে বিদ্যালয় সমূহ এসপ্তাহৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। শনিবাৰে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভয়াবহ বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী দিল্লীৰ বিদ্যালয় সমূহ এসপ্তাহৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে।

কেজৰিৱালে বিদ্যালয় সমূহৰ পাঠদান অনলাইন পদ্ধতিত ঘৰৰ পৰাই কৰা হ’ব বুলিও লগতে সদৰী কৰে। ইপিনে, দিল্লীৰ সকলো চৰকাৰী কাৰ্য্যালয়ৰ কৰ্মচাৰী সকলকো এসপ্তাহৰ বাবে ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে। কেজৰিৱালে ব্যক্তিগত প্ৰতিষ্ঠান সমূহকো নিজৰ নিজৰ কৰ্মচাৰী সকলক ঘৰৰ পৰা কাম কৰাৰ বাবে অনুমতি দিয়াৰ কাৰণে আহ্বান জনায়। আনহাতে, বায়ু প্ৰদূষণৰ মাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত এসপ্তাহৰ বাবে নিৰ্মাণ কাৰ্য্যৰ সৈতে জড়তি সকলো কাম-কাজ বন্ধ কৰাৰ বাবেও নিৰ্দশ দিয়া হৈছে।

উল্লেখযোগ্য যে, দিল্লীত ভয়াবহ হাৰত বায়ু প্ৰদূষণ হৈছে যাৰবাবে ৰাজধানী চহৰখনৰ বায়ুৰ গুণগত মানদণ্ড অধিক নিম্নগামী হৈছে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়েও দিল্লীৰ বায়ু প্ৰদূষণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।