৭০ হাজাৰ টকাত 9MM পিষ্টল

মধ্য অসমৰ নগাঁৱত এতিয়া সুলভ হৈ পৰিছে ডিমাপুৰৰ পৰা সৰবৰাহ হোৱা 9MM পিষ্টল। মাত্ৰ ৭০হাজাৰ টকাতে আপুনি ক্ৰয় কৰিব পাৰিব 9MMপিষ্টল। পিষ্টলৰ লগত বিনামূল্যে দিয়া হ’ব ৬ৰাউণ্ড সজীৱ গুলী। লগতে চুপাৰী কিলাৰৰ বাবেও বিখ্যাত হৈ পৰিছে নগাঁও। এই তথ্য পোহৰলৈ আহিছে নগাঁও আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা ৫ দুধৰ্ষ ডকাইতৰ স্বীকাৰোক্তিৰ পৰা।
শুক্ৰবাৰে নিশা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত নগাঁও আৰক্ষী আৰু চিআৰপিএফৰ এটা দলে চহৰখনৰ সমীপৱৰ্তী হেৰাপট্টিত অভিযান চলাই এটা হস্তনিৰ্মিত পিস্তল সহ ৫ দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত কেইটা হৈছে আইনুদ্দিন, সমীৰউদ্দিন, আব্দুল জলিল, আব্দুল কাদিৰ আৰু মজিবুৰ ৰহমান। ধৃত ডকাইত কেইটাই বিগত বহুদিন ধৰি ডিমাপুৰৰ পৰা অস্ত্ৰ সৰবৰাহৰ কামতো জড়িত আছিল। 9MM পিষ্টল ৭০হাজাৰ টকাত আৰু AK47 ৩লাখ ৫০হাজাৰ টকাত ডিমাপুৰৰ পৰা অসমত বিক্ৰী হৈ থকাৰ কথা স্বীকাৰ কৰে ধৃত ডকাইত কেইটাই। আনহাতে চুপাৰী কিলাৰৰ কামতো জড়িত এইকেইটা ডকাইতক বৰ্তমান নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীয়ে গোপন তথ্যৰ ভিত্তিত এই ডকাইত কেইটাৰ বিৰুদ্ধে অভিযান চলাইছিল।