Local, Vocal, Global

বাম্পাৰ অফাৰ দিছে YONO SBI-ই!

0 8

STATE BANK OF INDIA (SBI)ৰ YONO-ই আনিছে এক বাম্পাৰ অফাৰ। যিসকলে গাড়ী কিনাৰ প্লেন কৰিছে কিন্তু উৎসৱৰ এই সময়ত বিভিন্ন ধৰণৰ অফাৰ হাতৰ পৰা ওলাই গৈছে সেইসকলৰ বাবে ভাল খবৰ। কাৰণ ষ্টেট বেংক অব ইণ্ডিয়াৰ YONO-এ নতুন গাড়ী কিনাৰ ক্ষেত্ৰত দিছে ডাঙৰ অফাৰ। অফাৰটোৱে প্ৰায় ৫০ হাজাৰ টকালৈকে লাভ দিব পাৰে। এই বাম্পাৰ অফাৰটো কেৱল গাড়ীৰ বাবেই নহয় বাইক কিনাৰ বাবেও আগবঢ়োৱা হয়। YONO এছবিআইৰ জৰিয়তে গাড়ী কিনাৰ ফলত কেৱল ধনৰ লাভেই নহয়, গাড়ী কোম্পানীৰ পৰা বিভিন্ন ধৰণৰ লাভালাভো হ’ব। কেইবাটাও গাড়ী কোম্পানী আৰু ডিলাৰে পোনপটীয়াকৈ YONO এছবিআইৰ গ্ৰাহকসকলক অধিক লাভালাভ আগবঢ়োৱাৰ প্ৰতিবেদন দিছে।

YONO এছবিআই এপৰ জৰিয়তে মহিন্দ্ৰা কোম্পানীৰ এক্সইউভি আৰু ৰেনো গাড়ী ক্ৰয় কৰিলে তেওঁলোকৰ আনুষংগিক সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব। যদি আপুনি ৰেনো গাড়ী এখন ক্ৰয় কৰে, ৫০০০ টকাৰ আনুষংগিক সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ হ’ব। যদি আপুনি এখন গাড়ী মহিন্দ্ৰা এক্সইউভি ক্ৰয় কৰে, ৩০০০ টকাৰ আনুষংগিক সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ হ’ব। ইয়াৰ উপৰিও, ইয়োনো এছবিআই এপৰ জৰিয়তে টয়োটা কোম্পানীৰ গাড়ী এখন ক্ৰয় কৰিলে সম্পূৰ্ণ বিনামূলীয়াকৈ ৫০০০ টকাৰ আনুষংগিক সামগ্ৰী প্ৰদান কৰিব। আনুসংগিক সামগ্ৰীৰ উপৰিও, কেইবাটাও গাড়ী কোম্পানীয়ে নগদ ৰেহাই ঘোষণা কৰিছে।YONO এছবিআই এপৰ জৰিয়তে ডাটচন গো গাড়ী এখন ক্ৰয় কৰিলে ৪০০০ টকাৰ নগদ ৰেহাই প্ৰদান কৰিব। টাটা মটৰ্ছৰ এখন গাড়ী ক্ৰয় কৰিলে ৫০০০ টকাৰ নগদ ৰেহাই প্ৰদান কৰিব।

গাড়ীৰ উপৰিও, যিসকলে দুচকীয়া বাহন কিনিবলৈ চিন্তা কৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আছে। কেইবাটাও কোম্পানীয়ে বাইক আৰু স্কুটাৰত আকৰ্ষণীয় অফাৰ আগবঢ়াইছে।YONO এছবিআই এপৰ জৰিয়তে স্কুটাৰ হিৰো ক্ৰয় কৰিলে ১৫০০ টকাৰ নগদ ৰেহাই পাব। ইয়োনো এছবিআই এপৰ জৰিয়তে হিৰো বৈদ্যুতিক ই-বাইক ক্ৰয় কৰিলে ২০০০ টকাৰ নগদ

Leave A Reply

Your email address will not be published.