Local, Vocal, Global

উত্তৰপ্ৰদেশত বিজেপি নেতা অজয় শৰ্মাৰ ওপৰত গুলিচালনা

উত্তৰপ্ৰদেশত বিজেপি নেতা অজয় শৰ্মাৰ ওপৰত গুলিচালনা । উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা অজয় শৰ্মাক দুৰ্বৃত্তই গুলীওৱা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনত উত্তেজনাৰ সৃষ্টি হৈছে।

সোমবাৰে চাৰিজন অস্ত্ৰধাৰী দুৰ্বৃত্তই বিজেপি নেতা গৰাকীৰ প্ৰয়াগৰাজৰ ঘৰত প্ৰৱেশ কৰি অজয় শৰ্মাক উদ্দেশ্য কৰি চাৰি জাঁই গুলি নিক্ষেপ কৰে। অস্ত্ৰধাৰী দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অজয় শৰ্মাক সংকটজনক অৱস্থাত এছ.আৰ. এন হস্পিটেলত ভৰ্তি কৰোৱা হয়।

ব্যক্তিগত শত্ৰুতাৰ বাবেই অজয় শৰ্মাৰ ওপৰত এই প্ৰাণঘাটি আক্ৰমণ সংঘটিত কৰা হৈছে বুলি একাংশ সূত্ৰত প্ৰকাশ পাইছে। শৰ্মাৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি, নিশা অজয় শৰ্মাই ঘৰৰ দুৱাৰ খুলি দিয়াৰ পাছতে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে শৰ্মাক উদ্দেশ্য কৰি গুলীচালনা কৰে।

আনহাতে, এই ঘটনাৰ পাছতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে। আৰক্ষীয়ে অতি শীঘ্ৰেই দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰিব পৰা যাব বুলি মত প্ৰকাশ কৰে।