Local, Vocal, Global

গির্জাত শিশু নির্যাতনৰ বাবে অনুতপ্ত যাজক: ফ্রান্স

ফ্রান্সৰ কেথলিক গির্জাসমূহত বছৰৰ পিছত বছৰ ধৰি শিশুসকলৰ ওপৰত যৌন নির্যাতনৰ অভিযোগ উঠিছে ৷ কালি ফ্রান্সৰ লুর্ডৰ গির্জাত শিশুসকলৰ ওপৰত চলা যৌন নির্যাতনৰ বিৰুদ্ধে ক্ষমা বিচাৰি এক প্রার্থনা সভাত চামিল হয় ফৰাচী যাজকসকল ৷ এই প্রার্থনা সভাত অনুশোচনা ব্যক্ত কৰে যাজকসকলে ৷ বিগত শতিকাৰ ৫০ৰ দশকৰ পৰা ফ্রান্সৰ গির্জাসমূহত বহু হাজাৰ শিশুৰ ওপৰত যৌন নির্যাতনৰ ঘটনা ঘটিছে বুলি অভিযোগ উঠিছে ৷ সম্প্রতি এক প্রতিবেদনত প্রকাশ পোৱা অনুসৰি তিনি হাজাৰ ধর্মযাজকৰ বিৰুদ্ধে শিশুক যৌন নির্যাতন চলোৱাৰ প্রামাণিক তথ্য আছে ৷

এক নিৰপেক্ষ তদন্ত আৰু গির্জাত সংঘটিত এই ঘটনাৰ বহু তথ্য পোহৰলৈ আনিছে ৷ শেহতীয়াকৈ এই ভয়াৱহ অভিযোগৰ কথা স্বীকাৰ কৰাৰ উপৰি যাজকসকলে সমগ্র দেশবাসীৰ লগতে নির্যাতিতা লোকসকলৰ ওচৰত ক্ষমা বিচাৰিছে ৷ লুর্ডত কালি ১২০গৰাকী আর্কবিছপ, বিছপে সাধাৰণ জনতাৰ ওপৰত আঁঠুকাঢ়ি ক্ষমা বিচাৰে ৷ এই প্রার্থনা সভাতেই উন্মোচন কৰা হয় এখন ছবি৷ ছবিত দেখিবলৈ পোৱা যায় এটি ক্রন্দনৰত শিশুৰ মূৰ৷ ছবিখন গির্জাৰ দেৱালত নির্যাতনৰ স্মৃতি হিচাপে ৰক্ষাৰ সিদ্ধান্ত লোৱা হয় ৷ শৈশৱত যৌন নির্যাতনৰ সন্মুখীন হোৱা এগৰাকী লোকে এই ছবিখন তুলি ধৰে৷ লক্ষণীয়ভাৱে বিছপ কনফাৰেন্সৰ মুখপাত্র হিউ দ্য উইলমে লুর্ডত এই গির্জাক নির্যাতনৰ স্মাৰক হিচাপে ৰখাৰ সিদ্ধান্ত লয় ৷