ভাৰতত কভিড ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়াত এশ কোটি স্পৰ্শ

ভাৰতত আজি কভিড ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়াত এশ কোটি স্পৰ্শ কৰা দিনটোত সমগ্ৰ ভাৰতত ভাৰতীয় জনতা পাৰ্টিৰে এক বিশেষ সম্বৰ্দ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰে ।
এই সফলতাৰ বাবে অসম প্ৰদেশ বিজেপি দলেও অসমৰ বিভিন্ন ঠাইত কভিড যোদ্ধাক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ সমান্তৰাল ভাৱে ঘিলামৰা মণ্ডল বিজেপিৰ উদোগত ঘিলামৰা সামূহিক চিকিৎসালয়ত পূৱা এঘাৰ বজাত চিকিৎসালয়ত নিয়োজিত চিকিৎসক, নাৰ্চকে ধৰি বিভিন্ন কৰ্মচাৰী সকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনাই । এই সম্বৰ্দ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘিলামৰা মণ্ডল বিজেপি সম্পাদক হিৰণ্য হাজৰিকাই সাংবাদিক জনাবলৈ দিয়া অনুসৰি আজি দিনটোত ঘিলামৰা ব্লক পি এইচ চিত অন্তৰ্গত বিভিন্ন স্বাস্থ্য কেন্দ্ৰত মণ্ডলৰ স্থানীয় কৰ্মকৰ্তা সকলে সন্মুখৰ পৰা কভিড কালত নেতৃত্ব লোৱা কভিড যোদ্ধা হিচাপে পৰিগণিত হোৱা চৰকাৰী চিকিৎসা সেৱাৰ লগত জড়িত কৰ্মচাৰীৰ সকলোকে এইদৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হৈছে ।