Local, Vocal, Global

ড্ৰাগছ সৰবৰাহকাৰীক আটক ৰঙিয়াত

ৰঙিয়া আৰক্ষীৰ অভিযান । ৰঙিয়া আৰক্ষীয়ে বালাগাঁৱত অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে দুটা চিৰিঞ্জ ,৫০ টা কণ্টেইনাৰ সহ ৭.৯ গ্ৰাম ড্ৰাগছ জব্দ কৰে । ধৃত সৰবৰাহকাৰী দুজন হৈছে মুকুট আলী আৰু আৰিফুৰ ৰহমান । সৰবৰাহকাৰী দুজনৰ পৰা এখন স্কুটী , ৮ টা মোবাইল , নগদ ১০ হাজাৰ টকাও জব্দ কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে ।