পুৰুষ নহয়, এইবাৰ মহিলাই চাইবাৰ ক্ৰাইমৰ লগত জড়িত হৈ লাখ লাখ টকা লুন্ঠন কৰিলে
পুৰুষ নহয়, এইবাৰ মহিলাই চাইবাৰ ক্ৰাইমৰ লগত জড়িত হৈ লাখ লাখ টকা লুন্ঠন ।
ধিঙৰ 1 নং কান্ধুলীমাৰী, সোনসেৰী, মহখুটি, মাগুৰমাৰীকে ধৰি বহু কেইটা গাৱৰ মহিলাৰ পৰা চৰকাৰী গেছ সন্দৰ্ভত শ শ নথি পত্ৰ গোটাইছিল ।
মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়া গাঁওৰ মফিদা বেগম আৰু কাৰিমুল ইছলাম পিতা জহুৰ আলী বুলি জানিব পৰা গৈছে ।
গেছ অফিচৰ অগ্ৰাতে সাধাৰণ মানুহৰ নামত মবাইলত অ টি পি সহায়ত অনলাইন এপচৰ জৰিয়তে লাখ লাখ টকা ৰৃন লোৱা বুলি অভিযোগ উত্থাপন হৈছে।
মৈৰাবাৰীৰ আৰক্ষীৰ জালত মহিলা চাইবাৰ অপৰাধী।
জানিব পৰা মতে দীৰ্ঘদিন ধৰি মৈৰাবাৰীস্হিত ফাহিম গেছ এজেন্সীৰ নামত গেছ চিলিণ্ডাৰ দিয়াৰ নামত এজনী মহিলাই অবৈধ ভাৱে ৰাইজৰ পৰা সংগ্ৰহ কৰিছিল বহু নথিপত্ৰ।
ৰাইজৰ পৰা গেছ চিলিণ্ডাৰ কানেকশ্বন বাবদ সংগৃহীত নথিৰে এগৰাকী মহিলাই চাইবাৰ অপৰাধত লিপ্ত হোৱা তথ্য পোহৰলৈ অহাত এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
গেছ আবেদনকাৰীৰ বাবদ সংগৃহীত নথিৰে অনলাইন যোগে ঋণ লোৱা বুলি এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বিষয়টোৰ সন্দৰ্ভত স্হানীয় ৰাইজে ফাহিম গেছ এজেন্সীৰ লগত যোগাযোগ কৰাত সকলো ৰহস্যৰ ভেদ পোহৰলৈ আহে।
অৱশেষত মহিলা জনীয়ে নিজেই স্বীকাৰ কৰিলে এনে নথি পত্ৰৰ যোগেদি কৰা অনলাইন ঋণৰ প্ৰকৃত ৰহস্যৰ বিষয়টি।
মহিলাগৰাকীৰ ভাষ্য মতে এনে অপৰাধৰ চক্ৰটোৰ সৈতে কাৰিমুল নামৰ যুৱকৰ জৰিয়তে সংগঠিত কৰিলে এই চাইবাৰ অপৰাধ।
এই সন্দৰ্ভত ফাহিম গেছ এজেন্সীয়ে মৈৰাবাৰী আৰক্ষীক খবৰ দি মফিদা বেগম নামৰ মহিলা জনীক আৰক্ষীৰ হাতত চমজাই দিয়ে।গতিকে এই সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব পৰবৰ্তনীয় লক্ষনীয় বিষ