বাঁহৰ সামগ্ৰীৰে সাজি উলিয়াইছে অসমীয়া সমাজৰ পৰা হেৰাই যাবলৈ ধৰা গৰু গাড়ীখন
লকডাউনৰ ইতিবাচক দিশ । এজন যুৱকে লকডাউনৰ সময়ত স্বাৱলম্বনৰ বাবে বাচি ললে এক ব্যতিক্ৰমী পদক্ষেপ । যুৱকজনৰ প্ৰশংসনীয় কাৰ্যত শলাগ লয় সকলোৱে ।
গোলাঘাট থুৰামুখ কাঠকটীয়া গাঁৱৰ এওঁ প্ৰনৱ বৰা । প্ৰনৱ বৰাই কঠিন বাঁহৰ সামগ্ৰী তৈয়াৰ কৰি জীৱন্ত ৰূপ দিবলৈ সক্ষম হৈছে । বিগত কেইটামান মাহৰ ভিতৰতে বাঁহ শিল্পৰ সৈতে জড়িত হৈ নিৰ্মাণ কৰিছে বহু আপুৰুগীয়া সম্পদৰ আৰ্হি । তেওঁ বাঁহ কাটি সুন্দৰকৈ ৰং তেল সানি তৈয়াৰ কৰিছে অসমীয়া সমাজৰ পৰা হেৰাই যাব ধৰা গৰু গাড়ীখন । তৈয়াৰ কৰিছে তাঁত শালত প্ৰয়োজন হোৱা যতৰ , চেৰেকী ,ঢেঁকী শাল , জাহাজ আদিৰ লগতে আকৰ্ষণীয় ড্ৰয়িং ৰুম সজোৱা ফুল দানি । প্ৰথমে ইউটিউবত চাইয়ে এই সঁজুলি সমূহ নিৰ্মাণ কাম শিকিছিল । এখন দোকান দি পৰিয়াল চলোৱা প্ৰনৱে লকডাউনত দীৰ্ঘদিন দোকান বন্ধ হৈ পৰাৰ ফলত বাঁহৰ সামগ্ৰী তৈয়াৰৰ এই বিদ্যা গ্ৰহণ কৰে । বৰ্তমান সময়ত তেওঁৰ ঘৰৰ পৰাই গ্ৰাহকে সামগ্ৰী সমূহ ক্ৰয় কৰি নিয়ে ।
ক’ৰোনা মহামাৰীৰ এই জটিল সময়ত দীৰ্ঘদিন লকডাউনৰ ফলত দিশহাৰা হৈ পৰিছে বহুজন । তেনে সময়তে গোলাঘাটৰ এইজন যুৱকে স্বাৱলম্বনৰ পথ বাচি উলিয়াই পৰিয়াল পোহ পাল দিয়া কাৰ্য সঁচাকৈয়ে শলাগীবলগীয়া । ভৱিষ্যত দিনত অধিক সা সুবিধাৰে বাঁহ শিল্প কাৰ্য আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনায় সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনক ।
এইজন যুৱকে ন ন প্ৰতিভাৰে অধিক উজ্জ্বলি উঠক তাকেই কামনা কৰিছে সকলোৱে