এইবাৰ মহিলাই দলবদ্ধ ভাৱে বৰ বৰ আক্ৰমণ এগৰাকী মহিলাক
ডবকাৰ যমুনাগাঁওত এগৰাকী মহিলাক দলবদ্ধ আক্ৰমণ৷
হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত পূৱ যমুনাগাৱত সংগঠিত হৈছে এই মৰ্মান্তিক ঘটনা৷
এদল মহিলাই দলবদ্ধ ভাৱে বৰ বৰ আক্ৰমণ এগৰাকী মহিলাক৷
ঘটনা সংগঠিত হোৱাৰ পিছত সমগ্ৰ হোজাই জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷
আক্ৰমণত গুৰতৰ ভাৱে আঘাত প্ৰাপ্ত হয় মহিলা গৰাকী৷
আঘাত প্ৰাপ্ত মহিলা গৰাকীৰ ঘৰ নগাঁওৰ জুৰিয়াত বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে ডবকাৰ যমুনাগাঁওৰ আব্দুৰ ৰব নামৰ যুৱক এজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মহিলা গৰাকীৰ৷
যুৱক জনে প্ৰেমত প্ৰতাৰণা কৰি কৰ্মসূত্ৰে গুছি যায় চৌদি আৰবলৈ৷ প্ৰায় দুই বছৰকাল চৌদি আৰবত থাকি বৰ্তমান সময়ত নিজ ঘৰত আহে৷ লৰাজন ঘৰত অহাৰ খবৰ পাই যুৱতী গৰাকীও আহি উপস্থিত হয় যুৱক জনৰ ঘৰত৷ আৰু তাৰ পিছতে এনে পৰিস্থিতিৰ সৃষ্টি হয়৷
ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী আৰু দেৱস্থান আৰক্ষী উপস্থিত হৈ যুৱতী গৰাকীক উদ্ধাৰ কৰাৰ লগতে আক্ৰমণকাৰী এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয়৷
সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে অভিযুক্ত আক্ৰমণকাৰীক উচিৎ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনায়৷