জাগীৰোডৰ ধৰমতুলত নাৰী দেহ ব্যৱসায় চক্ৰ উৎখাত

বৃন্দাবন নামটো শুনিলে সকলোৰে মন প্ৰাণ ভাল লাগি যায় ৷এক ভক্তি ভাৱৰ উদয় হয় অন্তৰত ৷ কিন্তু জাগীৰোডৰ ধৰমতুলৰ সেই বৃন্দাবন ৰিজৰ্টত পূৰ্বৰ পৰা চলি আহিছিল বিভিন্ন অসামাজিক কাৰ্যকলাপ ৷ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত দেওবাৰে নেলী আৰক্ষীৰ এটা দলে অসংযত অৱস্থাত তিনিজন যুৱক আৰু তিনিগৰাকী যুৱতী আটক কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে কন্টেইনমেন জ’নত থকা মৰিগাঁও জিলাৰ বিভিন্ন স্থানত দিনক দিনে বিভিন্ন অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাই আহিছে ৷
স্থানীয় লোকে বৃন্দাবন ৰিজৰ্টৰ অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ লগতে সকলোতে এই ড্ৰাগছ,জুৱা ,নাৰীদেহৰ ব্যৱসায় বন্ধ হব লাগে বুলি দাবী উখাপন কৰে