Local, Vocal, Global

বিধানসভাৰ নতুন ভৱন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

২০১১ৰ পৰা নিৰ্মাণকাৰ্য চলি থকা অসম বিধানসভাৰ নতুন ভৱনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি সন্দৰ্ভত সোমবাৰে বিধানসভাৰ অধ্যক্ষৰ সভাকক্ষত এক পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰীয়ে লোক নিৰ্মাণ বিভাগক অহা ডিচেম্বৰৰ ভিতৰত বিধানসভাৰ নতুন ভৱনটোৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবলৈ এই বৈঠকতে নিৰ্দেশ দিয়ে৷ পৰিদৰ্শন আৰু পৰ্যালোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে লোকনিৰ্মাণ বিভাগৰ আয়ুক্তক অহা ডিচেম্বৰৰ ভিতৰত নতুন ভৱনটোত বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত কৰিব পৰাকৈ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

মুখ্যমন্ত্ৰীয়ে লোকনিৰ্মাণ(ভৱন) বিভাগৰ বিষয়াসকলক ভৱনৰ অভ্যন্তৰীণ ভাগৰ সাল-সলনিসমূহ পুনৰ বিবেচনা কৰিবলৈ আৰু বিধানসভা সচিবালয়, মূল বিধানসভা কক্ষ আৰু মন্ত্ৰীসকলৰ কাৰ্যালয়কে ধৰি অন্যান্য সুবিধাযুক্ত ১৫ মহলীয়া ভৱনটোৰ সৈতে পৰিসৰৰ কাম-কাজ প্ৰশাসনিক অনুমোদনৰ দ্বাৰা দ্ৰুতগতিৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।