কুম্ভমেলাৰ তীর্থযাত্রীৰ ক’ভিড পৰীক্ষা ভুৱা: গোচৰ ৰুজুৰ নির্দেশ চৰকাৰৰ
মহাকুম্ভমেলাৰ সময়ত ক’ভিড পৰীক্ষাৰ কেলেংকাৰিত জড়িত হোৱা দিল্লী আৰু হাৰিয়ানাৰ পৰীক্ষাগাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ উত্তৰাখণ্ড চৰকাৰে হৰিদ্বাৰ জিলা প্রশাসনক নির্দেশ দিছে ৷ উল্লেখনীয় যে দিল্লী আৰু হাৰিয়ানাৰ পৰীক্ষাগাৰে হৰিদ্বাৰৰ পাঁচটা স্থানত কুম্ভমেলাত অংশগ্রহণ কৰা তীর্থযাত্রীসকলৰ ক’ভিড পৰীক্ষা চলাইছিল ৷ কিন্তু এই পৰীক্ষাগাৰসমূহে তীর্থযাত্রীৰ ক’ভিড পৰীক্ষা নকৰাকৈ ভুৱা প্রমাণ–পত্র দিয়া বুলি শেহতীয়াকৈ অভিযোগ উত্থাপন হৈছে ৷ সংবাদ মাধ্যমত প্রকাশ পোৱা প্রতিবেদন অনুসৰি ১ লাখ তীর্থযাত্রীৰ ক’ভিড পৰীক্ষা আছিল ভুৱা৷ যোৱা ১ এপ্রিলৰ পৰা ৩০ এপ্রিললৈ মহাকুম্ভমেলাৰ আয়োজন কৰা হৈছিল ৷ হৰিদ্বাৰ আৰু ঋষিকেশ অঞ্চলত কুম্ভমেলাৰ যাত্রীসকলে বিভিন্ন ধর্মীয় অনুষ্ঠানতো অংশ লৈছিল৷ স্মর্তব্য যে ছ’চিয়েল ডেভেলপমেণ্ট ফৰ কমিউনিটী ফাউণ্ডেচন নামৰ সংস্থাটোৰ বিষয়ববীয়া অন্নপ নাওকিয়ালে উল্লেখ কৰা অনুসৰি ক’ভিড পৰীক্ষাৰ ফলাফল পৰীক্ষাগাৰসমূহে উত্তৰাখণ্ড চৰকাৰৰ সৈতে বিনিময় কৰা নাছিল৷ অর্থাৎ চৰকাৰক জনোৱা হোৱা নাছিল ক’ভিড পৰীক্ষাৰ সবিশেষ তথ্য ৷ লক্ষণীয়ভাৱে কুম্ভমেলাৰ পিছতে দেশৰ বিভিন্ন ৰাজ্যত ক’ভিড সংক্রমণৰ দ্বিতীয় জোৱাৰে সংহাৰি ৰূপ ধাৰণ কৰিছিল ৷