Local, Vocal, Global

কংগ্ৰেছ ত্যাগ কৰিলে জুৰি শৰ্মা বৰদলৈয়ে।

ৰূপজ্যোতি কূৰ্মীৰ পিছতেই কংগ্ৰেছ ত্যাগ কৰিলে মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি জুৰি শৰ্মা বৰদলৈয়ে । জুৰি শৰ্মা বৰদলৈয়ে সংবাদমেলত কৰিলে এই ঘোষণা। পদত্যাগ কৰি দলৰ নেতৃত্বক সমালোচনা জুৰী শৰ্মা বৰদলৈৰ- “কংগ্ৰেছৰ একাংশ নেতাই নিজৰ স্বাৰ্থৰ কাৰণে কংগ্ৰেছক বিক্ৰী কৰিছে। নিৰ্বাচনৰ পাছত পৰ্যালোচনাৰ পৰিৱৰ্তে ৰিজ’ৰ্টত কোন মুখ্যমন্ত্ৰী হ’ব তাক লৈহে আলোচনা কৰিলে।” জুৰী শৰ্মা বৰদলৈয়ে বিস্ফোৰক মন্তব্য কৰি কয়,  “সংখ্যালঘূ দল হিচাপে গঢ়ি উঠিছে কংগ্ৰেছ। মহাত্মা গান্ধীৰ আদৰ্শৰে আমি আগবাঢ়িছিলোঁ ।  গোপিনাথ বৰদলৈৰ আদৰ্শ নাইকীয়া কৰিছে  AIUDF ৰ লগত মিএতা কৰি। হাইকমাণ্ডক কোৱাৰ পিছতো AIUDF লগত মিএতা কৰি কংগ্ৰেছ ধ্বংস কৰিলে। মিএতা সন্দৰ্ভত বহু নেতা-কৰ্মীৰ বাধাৰ পিছতো হাইকমাণ্ডে মিএতা কৰিলে। কংগ্ৰেছত তৃণমূৃৃৃল কৰ্মীৰ কথা ‌শুনা নহয়। ৰকিবুল হুছেইন আৰু ৱাজেদ আলি চৌধূৰীৰ ব্যক্তিগত লাভৰ বাবেই মিএতা হ’ল AIUDFৰ লগত।” “কংগ্ৰোছ দল এতিয়া বিধস্ত। মই দুখ পাইছোঁ আজি।  কংগ্ৰেছে আজি এজন এজন দক্ষ ব্যক্তিক হেৰুৱাইছে। তেওঁলোক ওলাই যোৱাটো পৰ্য্যালোচনা কৰাৰ প্ৰয়োজন আছিল। অসমৰ ৰাইজ কংগ্ৰেছৰ পৰা আতৰি গৈছে।” পদত্যাগ কৰি এই মন্তব্য জুৰী শৰ্মা বৰদলৈৰ। জুৰী শৰ্মা বৰদলৈৰ লগতে ১৫০তকৈঅধিক নেতা-কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰে।