ভাৰতীয় বজাৰত উপলব্ধ হ’ব পাৰে ন্যূনতম মূল্যৰ কৰ’না প্ৰতিষেধক ক’ৰ্বেভেক্স আগষ্টৰ পৰা
ভাৰতত টিকাকৰণৰ হাৰ বৃদ্ধি কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই । ইতিমধ্যে বহুকেইটা প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ চলি আছে । ইয়াৰ ভিতৰত অন্যতম বায়’লজিকেল ই সংস্থাৰ তৈৰী ক’ৰ্বেভেক্স । তথ্য অনুসৰি, ভাৰতত ব্যৱহৃত প্ৰতিষেধকসমূহৰ ভিতৰত এইটোৱে আটাইতকৈ কম মূল্যৰ প্ৰতিষেধক । ইতিমধ্যে এই প্ৰতিষেধকৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পন্ন হৈছে । এই পৰীক্ষণৰ সন্তুষ্ট ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া (ডিচিজিআই) । তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ অনুমতিও লাভ কৰিছে এই প্ৰতিষেধকে। অন্তিম পৰ্যায়ৰ পৰীক্ষণ সমাপ্ত হোৱাৰ পাছত আগষ্টৰ পৰা এই প্ৰতিষেধকৰ উৎপাদন কৰা হ’ব। আগষ্টৰ পৰা ডিচেম্বৰৰ ভিতৰত ৩০ কোটি ক’ৰ্বেভেক্স প্ৰতিষেধক উৎপাদন কৰাৰ লক্ষ্যমাত্ৰা লোৱা হৈছে। ইয়াৰ বাবে ১৫০০ কোটি টকা প্ৰদান কৰিব কেন্দ্ৰই।