বড়ো জনজাতীয় বিধায়কসকলে অসম বিধানসভাত নিজ মাতৃভাষাত ৰাখিব পাৰিব ভাষণ
বড়ো জনজাতীয় বিধায়কসকলে অসম বিধানসভাত নিজ মাতৃভাষাত ভাষণ ৰাখিব পাৰিব। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সৈতে হোৱা এক বিশেষ বৈঠকৰ পিছত এই সিন্ধান্ত ।
উক্ত বিষয় সন্দৰ্ভত অন্যান্য বিধায়ক, বড়ো সম্প্ৰদায়ৰ গুৰুত্বপূৰ্ণ বিশিষ্ট ব্যক্তি তথা বড়ো সংগঠনৰ বিভিন্ন সদস্যৰ সৈতে অনুষ্ঠিত হোৱা বিশেষ সভাখনত বিধায়কসকলক বিধানসভাৰ সদনত নিজ মাতৃভাষাত ভাষণ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই সিদ্ধান্তক বড়ো ভাষী সম্প্ৰদায়ে সাদৰেৰে আদৰণি জনাইছে। শেহতীয়াকৈ, বড়ো ভাষাটোক ৰাজ্য চৰকাৰে অসমৰ আন এক ৰাজ্যিক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ পিছত উক্ত সিন্ধান্তই জনজাতিটোক আৰু বেছি গৌৰৱাম্বিত কৰি তুলিছে।