মেট্ৰিক-HSপৰীক্ষা বাতিল কৰক !Twitterত আৰম্ভ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে Campaign By MyNewsNE Desk On Jun 7, 2021 Share ছাত্ৰ-ছাত্ৰীয়ে ছচিয়েল মিডিয়া প্লেটফৰ্মত বিশেষকৈ twitterত আৰম্ভ কৰিছে কেম্পেইন, তেওঁলোকক HSLC আৰু HS board exams নালাগে।হাজাৰৰো অধিক শিক্ষাৰ্থীয়ে ছচিয়েল মিডিয়া প্লেটফৰ্মত কেম্পেইন আৰম্ভ কৰিছে।কিন্তু এই সময়ত এই কেম্পেইন কিয় ?কাৰণ তেওঁলোকে নিজেই এতিয়াও খাতাং হ’ব পৰা নাই।তেওঁলোকৰ ডিমাণ্ড Board of Secondary Education Assam (SEBA) আৰু Assam Higher Secondary Education Council (AHSEC)পৰীক্ষা বাতিল কৰিব লাগে।তেওঁলোকে ব্যক্ত কৰিছে যে Central Board of Secondary Education (CBSE) আৰু আন আন কেইবাখনো ৰাজ্যৰ ব’ৰ্ড পৰীক্ষা বাতিল কৰা হৈছে।তেনে স্থলত ক’ৰোনা মহামাৰীৰ এই ক্ষণত অসমৰো এই পৰীক্ষাসমূহ বাতিল কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে।ইতিমধ্যে #CancelAssamBordExams এ টুইটাৰত পাৰ কৰিছে ১ মিলিয়ন টুইটৰ সংখ্যা…চৰকাৰেও এই সন্দৰ্ভত চিন্তা-চৰ্চা নকৰা নহয় ! ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে পৰীক্ষা নহলেও কিবা এটাৰ ভিত্তিত নম্বৰ দিবই লাগিব। CBSE ৰ নিচিনাকৈ অসমত internal assessment নাই, গতিকে অসুবিধা থকাৰ কথা হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল।এতিয়া প্ৰশ্ন হৈছে কিহৰ ভিত্তিত নম্বৰ দিব ? ৰিজাল্ট লাভ কৰি যদি আকৌ কিছুমানে অসন্তুষ্ট হয় ? নম্বৰ দিব পৰা ভিত্তিও নাই ছেবাৰ ! নাইনৰ পৰীক্ষাৰ নম্বৰ মেট্ৰিক পৰীক্ষাত দিয়াটো সম্ভৱ জানো ! সম্প্ৰতি চৰকাৰৰ কোৰ্টত বল ! সকলোৱে আশা কৰিছে দোদুল্য়মান স্থিতি পৰিহাৰ কৰক চৰকাৰে, সোনকালেই দিয়ক সিদ্ধান্ত। Share FacebookTwitterReddItWhatsAppPinterestEmail