Local, Vocal, Global

ক’লা বজাৰত ২০০০ টকাত বিক্রী চিলিণ্ডাৰ; ক’ভিডসৃষ্ট পৰিস্থিতিৰ সুযোগ লৈছে অসাধু ব্যৱসায়ীয়ে

ক’ৰোনাসৃষ্ট জটিল পৰিস্থিতিৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশকীয় সামগ্রীৰ কৃত্রিম নাটনিৰে মূল্যবৃদ্ধি কৰি মুনাফা লুটি আহিছে৷ জনসাধাৰণৰ মূৰত মাধমাৰ শোধাই কেৱল মূল্যবৃদ্ধিয়েই নহয়, ক’লা বজাৰত দুগুণ দামত বিক্রী কৰি আহিছে সামগ্রী৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দায়িত্বহীনতাৰ সুযোগ লৈ মহানগৰীৰ ভিন্ন স্থানত একাংশ লোকে ক’লা বজাৰত দুই হাজাৰ টকাত ৰন্ধন গেছ বিক্রী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷
অভিযোগ অনুসৰি ক’ভিড পৰিস্থিতিৰ সুযোগ লৈ অসাধু লোকসকলে ৰন্ধন গেছৰ কৃত্রিম নাটনিৰে দুই হাজাৰ টকাত ৰন্ধন গেছ বিক্রী কৰি আহিছে৷ মহানগৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ একাংশ অসাধু বিষয়াৰে গেছ এজেঞ্চীৰ স্বত্বাধিকাৰী আৰু কর্মচাৰীয়ে সু–সম্পর্ক ৰক্ষা কৰি প্রকৃত হিতাধিকাৰীক বঞ্চিত কৰি ক’লা বজাৰত অত্যধিক মূল্যত বিক্রী কৰি আহিছে ৰন্ধন গেছৰ চিলিণ্ডাৰ৷ প্রাপ্ত অভিযোগ অনুসৰি উজানবজাৰ, শিলপুখুৰী, বামুণীমৈদাম, সাতগাঁও, গণেশগুৰি, ছয়মাইল, লখৰা, মালিগাঁও আদিকে ধৰি বিভিন্ন স্থানত থকা গেছ এজেঞ্চীৰ স্বত্বাধিকাৰী আৰু কর্মচাৰীয়ে দীর্ঘদিন ধৰি ৰন্ধন গেছৰ চিলিণ্ডাৰ ক’লা বজাৰত বিক্রী কৰি আহিছে৷
শেহতীয়াকৈ সান্ধ্য আইনৰ সুযোগ লৈ গেছ এজেঞ্চীৰ কর্মচাৰীসকলে ক’লা বজাৰত অত্যধিক দামত গেছ চিলিণ্ডাৰ বিক্রী কৰিছে৷ যোগান বিভাগৰ বিষয়াসকলে নিয়মীয়াকৈ গেছ এজেঞ্চীসমূহে গ্রাহকক নিয়মীয়াকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰি আহিছেনে নাই, সেয়া তদাৰক কৰিব লাগে৷ নিয়ম অনুসৰি গেছ এজেঞ্চীসমূহে গ্রাহকক চিলিণ্ডাৰ যোগান ধৰাৰ সময়ত ওজন কৰি দিব লাগে৷ কিন্তু গুৱাহাটী মহানগৰীৰ অধিকাংশ গেছ এজেঞ্চীতে নাই ৰন্ধন গেছ ওজন কৰাৰ বাবে কাটা৷ যোগান বিভাগৰ বিষয়াসকলৰে মিতিৰালি কৰি একাংশ গেছ এজেঞ্চীয়ে চিলিণ্ডাৰৰ পৰা গেছ চুৰি কৰি ক’লা বজাৰত বিক্রী কৰি আহিছে৷ যাৰ ফলত গ্রাহকে প্রয়োজনতকৈ কম গেছভর্তি ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্রয় কৰিবলগীয়া হৈছে৷
দীর্ঘদিন ধৰি যোগান বিভাগৰ বিষয়াৰ জ্ঞাতসাৰে নীতি–নির্দেশনা উলংঘাৰে একাংশ গেছ এজেঞ্চীৰ স্বত্বাধিকাৰীয়ে গ্রাহকক গেছ চিলিণ্ডাৰ বিক্রী কৰি আহিছে৷ গুৱাহাটী মহানগৰীৰ বহু গেছ এজেঞ্চীৰ কর্মচাৰীসকলে ক’লা বজাৰৰ পৰা খালী চিলিণ্ডাৰ ক্রয় কৰি গেছভর্তি চিলিণ্ডাৰ মজুত কৰি ৰাখে৷ পৰৱর্তী সময়ত কৃত্রিম নাটনিৰে ক’লা বজাৰত গেছভর্তি চিলিণ্ডাৰ বিক্রী কৰি মুনাফা লুটি আহিছে