Local, Vocal, Global

 দ্বিতীয় ক’ভিডৰ জোৱাৰত ৬২৪ চিকিৎসকৰ মৃত্যু

মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰত এতিয়ালৈকে ৬২৪গৰাকী চিকিৎসকে প্রাণ হেৰুৱাইছে৷ ভাৰতীয় চিকিৎসা সংস্থা (আই এম এ)ৰ তৰফৰ পৰা শেহতীয়াকৈ সদৰী কৰা হৈছে এই তথ্য ৷
সংস্থাটোৱে উল্লেখ কৰা অনুসৰি দেশৰ ৰাজধানী দিল্লীত অধিকসংখ্যক চিকিৎসকে প্রাণ হেৰুৱাইছে ক’ভিড মহামাৰীত ৷ দিল্লীত দ্বিতীয় জোৱাৰত প্রাণ হেৰুওৱা চিকিৎসকৰ সংখ্যা হৈছে ১০৯গৰাকী ৷ ইয়াৰ পিছতে বিহাৰত ৯৬ আৰু উত্তৰ প্রদেশত ৭৯গৰাকী চিকিৎসকে ক’ভিড মহামাৰীত প্রাণ হেৰুওৱা বুলি সংস্থাটোৱে সদৰী কৰিছে ৷
স্মর্তব্য যে ক’ভিড মহামাৰীৰ প্রথমটো জোৱাৰত দেশত মুঠ ৭৪৮গৰাকী চিকিৎসকে প্রাণ হেৰুৱাইছিল ৷