Local, Vocal, Global

 আজি জনতা ভৱনত এখন সংবাদ মেলৰ আয়োজন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

 আজি জনতা ভৱনত এখন সংবাদ মেলৰ আয়োজন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ শেহতীয়া কভিড পৰিস্থিতিৰ সন্দৰ্ভত সংবাদ মেল আয়োজন কৰে।
এই সংবাদ মেলখনত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে ব্যক্তিগত খণ্ডৰ হাস্পতালৰ ক্ষেত্ৰত চৰকাৰে কেতবোৰ সিদ্ধান্ত লৈছে বিশেষকৈ কভিডৰ ক্ষেত্ৰত।
ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ জেনেৰেল ৱাৰ্ডত কভিড চিকিৎসাৰ বাবে সৰ্বাধিক ল’ব পাৰিব ৫ হাজাৰ টকা। সেইদৰে জেনেৰেল হাস্পতালে চাৰি হাজাৰ টকাৰ ওপৰত ল’ব নোৱাৰিব ৷
ছুপাৰস্পেছিয়েলিটি হাস্পতালৰ কেবিনত ৬৫০০টকা, আই চি ইউত দহ হাজাৰ টকা, আই চি ইউ সহ ভেণ্টিলেছনত পোন্ধৰ হাজাৰ টকা। জেনেৰেল হাস্পতালত কেবিনত ৫০০০ টকা, আই চি ইউত ৯০০০ টকা, আই চি ইউ সহ ভেণ্টিলেছনত বাৰ হাজাৰ টকা ল’ব পাৰিব।  এই নিয়ম অমান্য কৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে আৰু কয়  যে অহা ৭ জুনলৈ ক’ভিডবিধি বলৱৎ থাকিব। অহা  ৭ জুনত চৰকাৰে গ্ৰহণ কৰিব নতুন সিদ্ধান্ত।