Local, Vocal, Global

গৰমৰ পৰা কিছু সকাহ পাব ৰাজ্যবাসীয়ে

গৰমৰ পৰা কিছু সকাহ পাব ৰাজ্যবাসীয়ে! অহা ৩ জুনলৈকে ৰাজ্যত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই আগজাননী। আজিৰ দিনটোৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমাণে বৰযুণ হ’ব বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। সেইদৰে গুৱাহাটী মহানগৰীত প্ৰায় ২৬ ডিগ্ৰী ছেলচিয়াচলৈ নামিব পাৰে তাপমাত্ৰা। কেৱল গুৱাহাটী মহানগৰীয়েই নহয় উজনি অসমৰ যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, উত্তৰ অসমৰ শোণিতপুৰ, লখিমপুৰ, ধেমাজি, নামনি অসমৰো বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত দিন কেইটাত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ হ’ব।