Local, Vocal, Global

কাৰাবন্দী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ শীঘ্ৰে নতুন ঠিকনা হ’ব

কাৰাবন্দী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ শীঘ্ৰে নতুন ঠিকনা হ’বl লখিমপুৰৰ প্ৰাক্তন বিধায়ক উৎপল দত্তৰ চৰকাৰী আৱাসত পুৰণি ফলকৰ ঠাইত শীঘ্ৰেই ওলমিব শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নাম-ফলক৷উৎপল দত্তই এই পৰ্যন্ত চমজাই নিদিয়া ঘৰটোৱেই হ’ব এতিয়াৰে পৰা অখিল গগৈৰ ঠিকনা৷ লখিমপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা অগপৰ প্ৰাক্তন বিধায়ক উৎপল দত্তৰ ঠাইত এইবাৰ সমষ্টিটোৰ পৰা জয়ী হৈ আহিছে বিজেপিৰ যুৱ নেতা মানৱ ডেকা৷কিন্তু শেহতীয়াকৈ মানৱ ডেকাক আৱণ্টন কৰা হৈছে ‘এ’ ব্লকৰ আৱাস৷