Local, Vocal, Global

ক’ৰনা ভেকচিন লৈ কোটি পতি হল এগৰাকী ছাত্ৰী‌য়ে

ভাগ্যৰ দুৱাৰ খুলিলে যেন সকলো সলনি হৈ যায়। সময় মাথো অপেক্ষাৰ। ভাগ্যৰ চকৰি ঘুৰাৰ বাবে কভিড ভেকচিন লোৱাৰ পিছত এগৰাকী যুৱতী ৰাতিটোৰ ভিতৰতেই কোটি পতি হ’ল।
ঘটনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ। এগৰাকী যুৱতীক ফোনত নিজকে ওহাঅৰ গৱৰ্ণৰ বুলি পৰিচয় দি যুৱতী গৰাকীকক ১ মিলিয়ন ডলাৰ জয় কৰিছে বুলি কৈছিল। তেতিয়া যুৱতীগৰাকীয়ে এইটো ভুৱা কল বুলি ভাবি কাটি দিলে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম Washington Postত এই তথ্য প্ৰকাশ পাইছে। কিন্তু যেতিয়া স্থানীয় সংবাদ মাধ্যমত এই কথা সবিস্তাৰে প্ৰকাশ পাই তেতিয়াহে যুৱতীগৰাকীয়ে এই কথা বিশ্বাস কৰে। ২২ বছৰীয়া যুৱতী বুগেনচিকিয়ে কয় যে এইটো মোৰ জীৱনৰ প্ৰথম উপাৰ্জন আছিল য’ত মই কোটিপতি হলো। দৰাচলতে যুক্তৰাষ্ট্ৰৰ ৰাজ্যখনত কভিড ভেকচিন লোৱা সকলকৰ মাজত লটাৰী প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। আৰু সেই লটাৰী প্ৰতিযোগিতাখনত বুগেনচিকিয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।
উল্লেখ্য যে কভিড টিকাকৰণ অভিযানৰ বাবে জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰিবলৈ এনেধৰণৰ প্ৰচেষ্টা লৈছিল। উদ্দ্যেশ্য এটাই আছিল যে জনসাধাৰণে কভিড ভেকচিন ল’ব লাগে আৰু মহামাৰীৰৰ পৰা মুক্ত হ’ব লাগে। আব্বিগাইল বুগেনচিকিয়ে ২০২০ চনত মিচিগান ৰাজ্যৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু ওহাইঅ ৰাজ্যিক বিশ্ববিদ্যালয়ত এৰোস্পেচ ইঞ্জিনিয়াৰিংত স্নাতক ডিগ্ৰী অধ্যয়ন কৰি জিইত কাম কৰিবলৈ আৰম্ভ কৰিছিল। বুগেনচিকিয়ে কয় যে তাইৰ চাকৰি এৰিদিয়াৰ কোনো পৰিকল্পনা নাই, আৰু তাইৰ কিছু পইচা কিছু প্ৰতিষ্ঠানলৈ দান কৰাৰ পিছত, তাই বিনিয়োগ কৰিব বিচাৰে।